NORTHEAST NOW (Assamese)
অসম

হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু মেঘালয়ৰ কংগ্ৰেছ বিধায়ক ডেভিদ নংৰামৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 12:42 pm
david-nongru

হৃদৰোগত আক্ৰান্ত হৈ আজি পুৱা মৃত্যু ঘটে মেঘালয়ৰ কংগ্ৰেছ বিধায়ক ডেভিড নংৰামৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪২ বছৰ।

মেঘালয়ৰ মাউৰেংনেং সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী হোৱা নংৰামৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্য খনতে শোকৰ ছাঁ পৰিছে।

আজি পুৱা বিধায়কগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক লগে লগে শ্বিলঙৰ ইন্দিৰা গান্ধী ইনষ্টিটিউট অৱ হেলথ এণ্ড মেডিকেল ছায়েন্সলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

২০১৮ চনত কংগ্ৰেছত যোগদান কৰা নংৰামৰ পিতৃ চাৰ্লছ পিনগ্ৰপে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ লগতে মেঘালয় বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ আছিল।

 

অকাল মৃত্যুক সাৱটি লোৱা নংৰামে একেৰাহে দুবাৰকৈ মেঘালয় বিধানসভালৈ নিৰ্বাচিত হৈছিল।

বিধায়ক নংৰামৰ অকাল মৃত্যুত ৰাজ্যখনৰ ব্যক্তিয়ে দল-মত নিৰ্বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ডেভিড নংৰামৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইটাৰত কৈছে যে নংৰাম এগৰাকী অতি কৰ্মযোগী ব্যক্তি আছিল।

ৰাজ্য খনৰ বিভিন্ন সমস্যাকলৈ তেওঁ সততে সৰৱ আছিল বুলিও চাংমাই টুইটাৰত মন্তব্য কৰিছে।