NORTHEAST NOW (Assamese)
অসম

কৰ্মফল: গৈছিল চৰাই মাৰিবলৈ, কিন্তু ঘটিল বেলেগ ঘটনা! চাওঁক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 1:21 pm
a man

আকাশেৰে উৰি যোৱা চৰাই নিধন কৰি এসাজ খোৱাৰ উদ্দেশ্যেৰে এইজন লোকে গৈছিল পথাৰলৈ।

পথাৰৰ ওপৰেৰে উৰি গৈ থকা চৰাইক লক্ষ্য কৰি লোকজনে গুলীচালনাও কৰিছিল।

গুলি গৈ লাগিছিল এটি চৰাইৰ ডেউকাত।

ইমানলৈকে সকলো ঠিকেই চলি আছিল যদিও চৰাইটোৰ ডেউকাত গুলি লগাৰ পিছতহে ঘটনাৰ পট পৰিৱৰ্তন ঘটিল।

শেহতীয়াকৈ সুশান্ত নন্দ নামৰ ভাৰতীয় বন সেৱাৰ বিষয়াগৰাকীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।

প্ৰায় ৬ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে পথাৰৰ মাজলৈ চৰাই মাৰিবলৈ গৈছিল।

লোক জনে গুলী কৰাত গুলী গৈ চৰাই এটাৰ ডেউকাত লাগিছিল আৰু আঘাতপ্ৰাপ্ত চৰাইটোৱে তীব্ৰ বেগেৰে তললৈ নামি আহি আঘাত কৰিছিল গুলি কৰা লোক জনৰ চকুত।

ফলত চৰাইটোৰ খুন্দাৰ ফলত লগা আঘাতে মুহূৰ্তৰ ভিতৰতে লোক জনক ধৰাশায়ী কৰি পেলাইছিল।

বন সেৱাৰ বিষয়া গৰাকীয়ে তেওঁৰ ভিডিঅ’টোৰ কেপচন দিছে কৰ্ম বুলি। অৰ্থাৎ কৰ্মফল।

লোকজনে তেওঁৰ কৰ্মৰ ফল হাতে হাতে পোৱাত বহুতে সন্তোষ প্ৰকাশ কৰি কমেণ্ট কৰাও দেখা গৈছে।

উল্লেখ্য আমাৰ দেশত বন্য জীৱ অছবা বনৰীয়া চৰাই আদি হত্যা কৰাটো অপৰাধ যদিও বহুতে নিৰ্বিবাদে হত্যা কৰি গৈছে বন্যপ্ৰাণী।