NORTHEAST NOW (Assamese)
অসম

১০ বছৰত শুভমন গীল সৰ্বশ্ৰেষ্ঠ অপেনিং বেটছমেন হ’ব, এই মন্তব্য এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 1:28 pm

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিভাধৰ অপেনাৰ শুভমন গীলক প্ৰশংসাৰে উপচাই পেলাইছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন চাইনামেন বলাৰ ব্ৰেড হগে।

অহা ১০ বছৰত শুভমন গীলৰ নাম টেষ্ট ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ অপেনিং বেটছমেনৰ তালিকাত থাকিব বুলি হগে মন্তব্য কৰে।

তেওঁ নিজৰ য়ু টিউব চেনেলত কয়, ‘শুভমন গীলৰ বিশেষ গুণটো হ’ল যে তেওঁ শ্বৰ্ট বল ভাল খেলে। অষ্ট্ৰেলিয়াত তেওঁৰ খেলে মোক প্ৰভাৱিত কৰিছে। অষ্ট্ৰেলিয়াৰ বলাৰ সকলে তেওঁক শ্বৰ্ট বলেৰে প্ৰত্যাহ্বান জনোৱাৰ চেষ্টা কৰিছিল, কিন্তু তেওঁ মুঠেও ভয় নাখালে’।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বাঁওহতীয়া লেগ স্পিনাৰ গৰাকীয়ে লগতে কয়, ‘শুভমন গীলে অষ্ট্ৰেলিয়াত শ্বৰ্ট বলৰ বিৰুদ্ধে হুক শ্বট খেলিবলৈ প্ৰথমৰ পৰাই সাজু আছিল আৰু তেওঁৰ গাত সৰ্বশ্ৰেষ্ঠ অপেনিং বেটছমেন হোৱাৰ গুণ আছে’।

তেওঁ লগতে কয়, ‘অহা ১০ বছৰত শুভমন গীল টেষ্ট ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ অপেনিং বেটছমেন হোৱাৰ দিশে আগবাঢ়িছে। শুভমন গীলৰ ওচৰত সকলো শ্বটছ আছে’।

উল্লেখ্য যে শুভমন গীলে অষ্ট্ৰেলিয়াৰ বিৰদ্ধে সদ্য সমাপ্ত টেষ্ট শৃংখলাৰ মেলবৰ্ণত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচত অভিষেক কৰিছিল।

শৃংখলাটোৰ তিনিখন মেচত অংশ লৈ গীলে ৫১.৮০ গড়ে ২৫৯ ৰান সংগ্ৰহ কৰে য’ত আছে দুটা অৰ্ধশতক।

ব্ৰীছবেনৰ চতুৰ্থ তথা অন্তিম টেষ্টৰ দ্বিতীয় ইনিংছৰ অন্তিম দিনা গীলে খেলা ৯১ ৰানৰ ইনিংছটোৰ পিছত তেওঁ বিশ্বৰ সকলো প্ৰান্তৰে ক্ৰিকেট প্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।