NORTHEAST NOW (Assamese)
অসম

প্ৰতিৰক্ষা সামগ্ৰীৰ ক্ষেত্ৰত দেশে অন্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নোৱাৰে; ৰাজনাথ সিঙৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 8:37 pm
RAJNATH SINGH

ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অন্য দেশৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

মঙলবাৰে বাংগালুৰুত হিন্দুস্তান এৰোন’টিকছ লিমিটেড( এইচ এ এল)ৰ দ্বিতীয় সংস্কৰণৰ লাইট কম্বাট এয়াৰক্ৰাফ্ট (এল চি এ)ৰ উৎপাদন মুকলি কৰাৰ সময়ত ৰাজনাথ সিঙে এইদৰে মন্তব্য কৰে।

‘‘আত্মনিৰ্ভৰ অভিযানৰ অংশস্বৰূপে ভাৰতে নিজৰ প্ৰতিৰক্ষাৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিছে,’’ ৰাজনাথ সিঙে লগতে কয়।

উল্লেখযোগ্য যে, বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সেনা বাহিনী থকা দেশ ভাৰতে প্ৰতিৰক্ষা সামগ্ৰীৰ ক্ষেত্ৰত ৰাছিয়া, আমেৰিকা, ফ্ৰান্স আদি দেশৰ ওপৰত বহুল পৰিমাণে নিৰ্ভৰশীল হৈ আহিছে।

বৰ্তমান নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে দেশৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু প্ৰতিৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত থলুৱাভাৱে নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰীক গুৰুত্ব প্ৰদান কৰিছে।

শেহতীয়াভাৱে ভাৱে ভাৰতে টেংক, বন্দুক, বুলেটপ্ৰুফ জেকেট, যুদ্ধ বিমান আদি নিৰ্মাণৰ ক্ষেত্ৰত থলুৱা প্ৰযুক্তিক গুৰুত্ব দিছে।