NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ এজাহাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ শশী থাৰুৰ আৰু ৰাজদ্বীপ চৰদেশাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 3, 2021 12:35 pm

গণৰাজ্য দিৱসৰ দিনাখন কৃষকৰ ট্ৰেক্টৰ ৰেলীক লৈ কৰা মিছা তথ্য প্ৰচাৰৰ অভিযোগেৰে কংগ্ৰেছ সাংসদ শশী থাৰুৰ আৰু সাংবাদিক ৰাজদ্বীপ চৰদেশাইৰ বিৰুদ্ধে বহুকেইখন এজাহাৰ দাখিল কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে থাৰুৰ আৰু চাৰদেশাই।

সাংসদ শশী থাৰুৰ আৰু জেষ্ঠ সাংবাদিক ৰাজদ্বীপ চৰদেশায়ে বিভিন্ন এহাজাৰ দাখিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপে।

সাংবাদিক মৃণাল পাণ্ডে, জাফৰ আঘা, পৰেশ নাথ আৰু আনন্ত নাথো মঙলবাৰে সন্ধিয়া এজাহাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে।

৩০ জানুৱাৰিত দিল্লী আৰক্ষীয়ে শশী থাৰুৰ আৰু চাৰদেশাইৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল।

দিল্লী আৰক্ষীৰ উপৰিও মধ্যপ্ৰদেশ আৰক্ষীয়ো শশী থাৰুৰ আৰু ছয়গৰাকী সাংবাদিকৰ বিৰুদ্ধে ট্ৰেক্টৰ ৰেলীৰ সময়ত হোৱা হিংসা সন্দৰ্ভত তথ্য বিকৃত কৰাৰ অভিযোগেৰে এজাহাৰ দাখিল কৰিছিল।

উল্লেখযোগ্য যে, গণৰাজ্য দিৱসৰ দিনাখন হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে ট্ৰেক্টৰ ৰেলীৰে দিল্লীত প্ৰৱেশ কৰি আৰক্ষীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হোৱাৰ লগতে লাল কিল্লাত নিজৰ পতাকা উৰুৱাইছিল।