NORTHEAST NOW (Assamese)
অসম

অৰুণাচলৰ পৰা গড়ৰ খৰ্গ কিনা বেচা কৰা সৰবৰাহকাৰীক আটক বিশ্বনাথত বন বিভাগৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম February 5, 2021 11:57 am
Biswanath

অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা বিশ্বনাথত বন বিভাগে গড়ৰ খৰ্গ কিনা বেচা কৰা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

অৰুণাচল আৰক্ষীৰ আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ যুটীয়া অভিযানত জবি গাদি ওৰফে আঠ’ গাদি নামৰ এজন গড়ৰ খৰ্গ সৰবৰাহকাৰীক বৃহস্পতিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ নাহৰলগুণৰ নিজা বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

প্ৰায় ২০১১ চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰে নিধন হোৱা বহু কেইটা গড়ৰ খৰ্গ সৰবৰাহ কৰি মণিপুৰৰ উপৰি আন্তৰাষ্ট্ৰীয় বজাৰত সৰবৰাহকাৰী হিচাপে কাম কৰি আহিছিল জবি গাদিয়ে।

উল্লেখ্য যে ২০১৯ চনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলীত হত্যা হোৱা গড়ৰ খৰ্গ সৰবৰাহত জড়িত আছিল জবি গাদি ওৰফে আঠ’গাদি।

আটক কৰা সৰবৰাহকাৰীজনে কমিচনৰ ভিত্তিত গড়ৰ খৰ্গ সৰবৰাহ কৰি অহাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

ইতিমধ্যে বন বিভাগৰ দলে আটকাধীন সৰবৰাহকাৰীজনৰ সৈতে তদন্ত অব্যাহত ৰাখিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গড়ৰ খৰ্গ কিনা বেচা কৰা সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে।