NORTHEAST NOW (Assamese)
অসম

ম্যানমাৰত সামৰিক শাসনৰ বিৰুদ্ধে অসহযোগ কাৰ্য্যসূচী ঘোষণা চিকিৎসা কৰ্মীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 5, 2021 3:37 pm
Mynmer protest

ম্যানমাৰত সেনাই বলপূৰ্বকভাৱে পুনৰ ক্ষমতা দখল কৰাৰ পাছত দেশখনৰ স্বাস্থ্য কৰ্মী সকলে অসহযোগ আন্দোলন আৰম্ভ কৰিছে।

ম্যানমাৰত কোভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে স্বাস্থ্য কৰ্মী সকলে সেনাৰ অভ্যুত্থানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহযোগ কাৰ্য্যসূচী ঘোষণা কৰে।

চিকিৎসাকৰ্মী সকলে হাতে হাতে ৰঙা ফিটা পৰিধান কৰি সেনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁলোকে নতুন সেনা বাহিনীৰ চৰকাৰৰ হৈ কাম নকৰে বুলি স্পষ্ট কৰি দিয়ে।

ইয়াৰ পূৰ্বে ম্যানমাৰৰ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত চিকিৎসা কৰ্মীসকলে সেনা বাহিনীয়ে ক্ষমতা দখলৰ বিৰুদ্ধে এখন জাননী জাৰি কৰি অসন্তুষ্টি ব্যক্ত কৰিছে।

ইপিনে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকতো ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতা সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হয়।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শীঘ্ৰে ম্যানমাৰৰ সেনা বাহিনীক দেশখনৰ নেত্ৰী ছ্যু কীক মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে অন্যথা শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে।