NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত অগ্নিকাণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 5, 2021 4:51 pm

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আজি অগ্নিকাণ্ড সংঘটিত হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়।

জি এম জি এইছত সংঘটিত এই অগ্নিকাণ্ডৰ পাছত হস্পিটেলতখনত চিকিৎসাধীন ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ মাজত হুৱা-দুৱা লাগে।

চিকিৎসালয়খনৰ ৰেডিঅ’লোজি বিভাগৰ কোঠাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডটোৰ ফলত বিভাগটোৰ বহু দৰকাৰী নথি-পত্ৰও ভষ্মীভূত হৈছে যদিও কোনো লোক হতাহত হোৱা নায়।

কম্পিউটাৰ সংযোগী পাৱাৰ লাইনত বিজুতি ঘটি অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।

অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাছতে চি এম চি এইছৰ চিকিউৰিটি গাৰ্ড সকলে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

ঘটনাস্থলীত এছ ডি আৰ এফ আৰু অগ্নি নিৰ্বাপ বাহিনীৰ দলো উপস্থিত হৈছিল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধীক্ষকে সমগ্ৰ অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে।