NORTHEAST NOW (Assamese)
অসম

কাইলৈ খানাপাৰাত ৰাজ্যৰ ৭ লাখৰো অধিক চাহ শ্ৰমিকলৈ সাহায্য আগবঢ়াব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 5, 2021 5:26 pm

কাইলৈ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক অনুষ্ঠানত অংশ ল’ব দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে সীতাৰমণৰ অসম ভ্ৰমণ গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। ইতিমধ্যে অসম ৰাজ্যিক বিজেপিয়ে সীতাৰমণৰ সভাৰ বাবে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি বিত্ত মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ মুঠ ৭,৪৬,৬৬৭ গৰাকী চাহ শ্ৰমিকৰ বেংক একাউণ্টলৈ তিনিহাজাৰকৈ টকাৰ অনুদান আগবঢ়াব।

বিজেপি সাংসদ পল্লৱ লোচন দাসে বিজেপি চৰকাৰৰ দিনত চাহ শ্ৰমিক সকলৰ উন্নতিৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি বিজেপিৰ দিনতে চাহ শ্ৰমিক সকলক বেংক ব্যৱস্থাৰ সৈতে সংযুক্ত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ল বুলি কয়।

নিৰ্মলা সীতাৰমণে ৬ ফেব্ৰুৱাৰিত জনসভাত সম্বোধন কৰাৰ বিপৰীতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ফেব্ৰুৱাৰিত ঢেঁকীয়াজুলিত বিশাল জনসভাক সম্বোধন কৰিব।

ৰাজ্যিক বিজেপি নেতৃত্বই মোদীৰ সভাত ৫ লাখ লোক সমবেত কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে।