NORTHEAST NOW (Assamese)
অসম

জুঁইত জাহ যোৱা জাঁজীমুখৰ তিনিটা পৰিয়ালৰ বাসগৃহত আছুৰ দল; মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক February 5, 2021 6:27 pm
AASU team at fire affected village

যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত বানপীড়িত ওপৰ শগুনপাৰা গাঁৱত কালি সম্পূৰ্ণৰূপে জুঁইত জাহ যোৱা তিনিটাকৈ বাসগৃহৰ দুৰ্ভগীয়া পৰিয়ালকেইটাৰ কাষত আছুৰ এটা প্ৰতিনিধি দল শুকুৰবাৰে আহি উপস্থিত হয়।

আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগ, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক যদুমণি বৰুৱা, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰণ্টু ভূঞাকে প্ৰমুখ্য কৰি প্ৰতিনিধি দলটো পৰিয়ালকেইটাৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

আনহাতে, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাপু কলিতা আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্ত স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী আৰু যোৰহাট জিলা উপায়ুক্তক প্ৰদান কৰে।

স্মাৰকপত্ৰত উল্লেখ থকা অনুসৰি আছুৱে পৰিয়ালকেইটাক উচিত ক্ষতিপূৰণ, বাসগৃহ নিৰ্মাণ, খাদ্য সামগ্ৰী বিতৰণ আৰু অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষণ সামগ্ৰী প্ৰদান কৰিবলৈ দাবী জনায়।