NORTHEAST NOW (Assamese)
অসম

শিশু আৰু গৰ্ভৱতী মহিলাৰ কল্যাণ! কেনে দায়িত্ব পালন কৰিছে সমাজ কল্যাণ বিভাগে?

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী June 5, 2021 10:04 am
IMG_20210605_063418

চৰকাৰে শিশু আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি বিশেষ আঁচনিৰ যোগেদি কোটি কোটি টকা খৰচ কৰা পৰিলক্ষিত হৈছে। কিন্তু কিমান উপকৃত হৈছে সেই আঁচনিৰ পৰা শিশু আৰু গৰ্ভৱতী মহিলা সকল?

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পত নাভূত নাশ্ৰুত কাণ্ড। চৰকাৰৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ বিকাশত চেঁচাপানী ঢালিছে বিভাগীয় একাংশ কৰ্মীয়ে।

কোকিলাত শিশু আৰু গৰ্ভৱতী মহিলাৰ বিকাশৰ বাবে অহা খাদ্য সম্পুৰ্ণ অস্বাস্থ্যকৰ, অপুষ্টিকৰ,পচা আৰু পোক পৰুৱা যুক্ত দেখিবলৈ পোৱা গৈছে। খাদ্যৰ পৰিমাণতকৈ পোকৰ পৰিমাণেই যেন বেছি দেখা গৈছে।

কেন্দ্ৰীয় চৰকাৰে সমাজ কল্যাণ নামৰ এটা বিভাগক দিছিল এই আঁচনিৰ দায়িত্ব। কিন্তু বিভাগটোৱে যি খাদ্যৰ যোগান ধৰিছে সেয়া শিশু আৰু গৰ্ভৱতী মহিলাই গ্ৰহণ কৰিলে নিসন্দেহে বিকাশৰ ঠাইত নিশ্চিত বিনাশহে হব।

সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পই বিতৰণ কৰা খাদ্য সমূহ সম্পুৰ্ণ পচা, পোক পৰুৱায়ুক্ত খাদ্য।

খাদ্য সমূহ বিতৰণ কৰা অংগনবাদী কৰ্মী মুছলিমা খাতুনক এনে খাদ্য বিতৰণ নকৰিবলৈ আহ্বান জনাইছিল অভিভাৱক সকলে। কিন্তু দম্ভালি মাৰি মুছলিমাই কয় যে আপোনালোকে যি কৰিব পাৰে কৰক।

এই মহামাৰী কৰ’নাৰ সময়ত ত্ৰস্তমান সকলো। যাৰ বাবে বিভিন্ন প্ৰকাৰে ৰাইজক সকাহ দিবলৈ যত্ন কৰিছে চৰকাৰে। কিন্তু একাংশ বিভাগীয় কৰ্মীয়ে চলাইছে লুট পাট। শিশু আৰু গৰ্ভৱতী মহিলাসকলক অভিভাৱক সকলে খাদ্যৰ পৰিমাণ কমকৈ দিয়াৰো অভিযোগ কৰিছে।

এতিয়া কথা হ’ল যে চৰকাৰে শিশু আৰু গৰ্ভৱতী মহিলাৰ বিকাশৰ চিন্তাত চেঁচা পানী ঢালি সেই সমূহ আঁচনিত লুট পাত চলোৱা কৰ্মী আৰু দায়িত্ববাহী বিষয়াৰ ওপৰত কি ব্যৱস্থা লয় সেয়া লক্ষ্যণীয় হব।