NORTHEAST NOW (Assamese)
অসম

আঁৰত সুৰা! ৰহাত কনিষ্ঠ ভাতৃক হত্যা কৰি ৰঙাঘৰত হত্যাকাৰী ৰজত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 5, 2021 9:23 am
index.jpghh_-750x375

নগাঁও জিলাৰ ৰহাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে নিজৰ কনিষ্ঠ ভাতৃক হত্যা কৰা ৪৮ বছৰীয়া লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে শুকুৰবাৰে ৰহা থানাৰ অন্তৰ্গত পশ্চিম শালমাৰাৰ নিজৰ বাসগৃহতে সংঘটিত হয় হত্যাকাণ্ডৰ ঘটনা।

আৰক্ষীয়ে অভিযুক্তক পশ্চিম শালমাৰাৰ বাসিন্দা ৰজত কাকতি বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে অভিযুক্ত ৰজতে তেওঁৰ কনিষ্ঠ ভাতৃ কেশৱ কাকতি (৩৫)ৰ সৈতে তীব্ৰ বাক্ বিতণ্ডাত লিপ্ত হৈ থকাৰ মাজতে এটা সময়ত চুৰিৰে ভায়েকৰ বুকুত আঘাত কৰে।

গুৰুতৰভাৱে আহত কেশৱক নগাঁও অসামৰিক হাস্পাতললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইপিনে, হত্যাৰ বলি হোৱা কেশৱ কাকতিৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে সুৰাৰ বাবেই তেওঁৰ স্বামীয়ে তেওঁৰ লগতে দুই সন্তানৰ ওপৰত অত্যাচাৰ চলাই আহিছিল। সেইদৰে জ্যেষ্ঠ ভাতৃ ৰজত কাকতিয়েও তেওঁৰ পত্নীৰ ওপৰত অত্যাচাৰ চলাই আহিছে।

দুয়োগৰাকী পত্নীয়ে ক্ষোভেৰে কয় যে দুই ভাতৃ ৰজত আৰু কেশৱে মদ খাই অশান্তি কৰি থকাৰ লগতে তেওঁলোকে কষ্ট কৰি পৰিয়াল চলাই থকাৰ পাছতো কোনোধৰণে সহায় নকৰে।