NORTHEAST NOW (Assamese)
অসম

নাট্যশ্ৰী সন্মান লাভ কৰা ডিমৌৰ লিখেন দত্তলৈ অভিনন্দন

Posted by: হিতোজ্বল চেতিয়া March 19, 2018 6:58 am
IMG-20180318-WA0017

নাট্যশ্ৰী সন্মানেৰে ডিমৌলৈ গৌৰব কঢ়িয়াই অনা নাট্যকাৰ লিখেন দত্তক অভিনন্দন তথা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে দেওবাৰে সন্ধিয়া কমলদৈপুল সংগীত বিদ্যালয় আৰু ডিমৌ একটিং একাডেমীৰ উদ্যোগত তথা কমলদৈপুলবাসী ৰাইজৰ সহযোগত কমলদৈপুল সাংস্কৃতিক মঞ্চত অভিনন্দনৰ এসন্ধ্যা নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

১৯৯৫ চনতে ডিমৌত প্ৰতিষ্ঠা হোৱা এক্টিং একাডেমীয়ে এই বছৰৰ ২৮ জানুৱাৰিৰ পৰা উৰিষ‍্যাৰ কটক চহৰত দেশৰ আগশাৰীৰ নাট‍্য সংগঠন থিয়েটাৰ মুভমেন্টে আয়োজন কৰা ৰাষ্ট্ৰীয় বহুভাষিক নাট আৰু নৃত্য প্ৰতিযোগিতাত  অংশগ্ৰহণ কৰি বহু কেইটা বিভাগত শ্ৰেষ্ঠত্ব অৰ্জন কৰে।

ডিমৌৰ নাট্যকাৰ লিখেন দত্তৰ ৰচনা আৰু পৰিচালনাৰে পৰিৱেশিত  ‘এখন ধুনীয়া পৃথিৱীৰ প্ৰতীক্ষাত’ শীৰ্ষক নাটখনে তৃতীয় স্থান আৰু ধৰণী দত্তই ছেমি ক্লাছিকেল একক শাখাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।

উক্ত অনুষ্ঠানতেই নিৰৱিচ্ছিন্নভাৱে নাট‍্যকৰ্মৰ জৰিয়তে নিঃস্বাৰ্থ সেৱা আগৱঢ়াই অহা জ‍্যেষ্ঠ নাট‍্যকৰ্মী, পৰিচালক, নাট‍্যকাৰ লিখেন দত্তলৈ দেশৰ আগশাৰীৰ নাট‍্য সংগঠন থিয়েটাৰ মুভমেণ্টে আয়োজন কৰা বহুভাষিক নাট আৰু নৃত্য প্ৰতিযোগিতাৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় ভিত্তিত নাট‍্যশ্ৰী সন্মান প্ৰদান কৰিছিল।

IMG-20180318-WA0015

দেওবাৰৰ সম্বৰ্ধনা অনুষ্ঠানটিত সভাপতিত্ব কৰে শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তোলন বেজবৰুৱাই। অভিনন্দন অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট সাংস্কৃতিক কৰ্মী, ডিমৌ এক্টিং একাডেমীৰ প্ৰশান্তজিৎ চেতিয়া, ডিমৌৰ জ্যেষ্ঠ সাংবাদিক ৰূপজ্যোতি সন্দিকৈ, অবসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে কৃষ্ণ দত্ত,অনন্ত বৰা,অজিত দত্ত,ধৰণী দত্ত,স্থানীয় যুৱক অনিল দত্তকে ধৰি ডিমৌ তথা কমলদৈপুলৰ স্থানীয় যুৱক যুৱতীসকলৰ লগতে স্থানীয় ৰাইজ।

উক্ত অনুষ্ঠানত নাট্যশ্ৰী লিখেন দত্তক ডিমৌ এক্টিং একাডেমী আৰু কমলদৈপুল সংগীত বিদ্যালয়ৰ হৈ ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জনোৱা হয়। অনুষ্ঠানত স্থানীয় যুৱক আৰু স্থানীয় ৰাইজৰ হৈও তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অভিনন্দন গ্ৰহন কৰি লিখেন দত্তই তেওঁৰ সাংস্কৃতিক পৰিক্ৰমাৰ বিভিন্ন দিশ ৰোমন্থন কৰি বক্তব্য প্ৰদান কৰাৰ লগতে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানৰ মাজতে ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত সফলতা লাভ কৰা ডিমৌ এক্টিং একাডেমীৰ শিল্পী দলটিয়ে দশাৱতাৰ নৃত্য প্ৰদৰ্শন কৰে।

এই অনুষ্ঠানতেই উৰিষ্যাত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় নাট আৰু নৃত্য প্ৰতিযোগিতাত স্থান লাভ কৰা ডিমৌ এক্টিংএকাডেমীৰ প্ৰতিযোগী শিল্পী দলটোৰ শিল্পী সকলক তেওঁলোকৰ মানপত্ৰসমূহ প্ৰদান কৰে একাডেমীৰ প্ৰশান্তজিত চেতিয়াই।