NORTHEAST NOW (Assamese)
অসম

বিহু মঞ্চত জাতীয় সাজপাৰ পৰিধান কৰাৰ আহ্বান বিহু সুৰক্ষা সমিতিৰ

Posted by: এন ই নাও নিউজ March 19, 2018 7:44 am
bihu3_001

ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন থকাৰ সময়তে বিহুমঞ্চত জাতীয় সাজপাৰ পৰিধান আৰু বিহুৰ অনুষ্ঠান চলাৰ সময়ৰ প্ৰসংগ পুনৰ উত্থাপন কৰিছে বিহু সুৰক্ষা সমিতিয়ে।

বিহু মঞ্চত জাতীয় সাজপাৰ পৰিধানৰ পোষকতা কৰাৰ লগতে নিশা ১২ বজাৰ ভিতৰত বিহুৰ সাংস্কৃতিক অনুষ্ঠান সামৰাৰ আহ্বান জনাইছে বিহু সুৰক্ষা সমিতিয়ে।

দেওবাৰে গুৱাহাটী মহানগৰীৰ চানমাৰিস্থিত জে বি আইন মহাবিদ্যালয়ত অনুষ্ঠিত বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত উক্ত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

বিহু সুৰক্ষা সমিতিয়ে বিহু দলসমূহক উপয়ুক্ত পাৰিশ্ৰমিক দিবলৈ বিহু সমিতিবোৰক আহ্বান জনোৱাৰ লগতে যাতায়াতৰ খৰচো দিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।

reg2
প্ৰতিনিধিত্বমূলক ফটো

গায়ক শিল্পীক যেনেদৰে বিহু অনুষ্ঠানবোৰত সন্মান জনোৱা হয় ঠিক তেনেদৰেই আন লোকশিল্পীসকলকো সন্মান জনাবলৈ আহ্বান জনাই সমিতিয়ে আন এক প্ৰস্তাৱ গ্ৰহণ কৰে।

আনহাতে, সমিতিয়ে ব্ৰিটিছৰ সন্মুখত বিহু প্ৰদৰ্শন কৰা দুই বিহুৱা ক্ৰমে মইনত তাতিঙা ডেকাৰ স্মৃতিত শ্ৰেষ্ঠ বিহুৱা, আনন্দ দাসৰ স্মৃতিত শ্ৰেষ্ঠ সংগঠক আৰু বিহুৱতী চেনিমাই দাসৰ স্মৃতিত শ্ৰেষ্ঠা বিহুৱতী বটাঁ প্ৰদানৰ প্ৰস্তাৱো গ্ৰহণ কৰে।

উক্ত  সভাত বিহু সুৰক্ষা সমিতিৰ সংবিধানৰ নিৰ্বাচন সংক্ৰান্তীয় দফাটো কিছু সংশোধন কৰা হয়। সংশোধন অনুসৰি সভাপতি, কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে প্ৰতিখন জিলাৰ তিনিখন আঞ্চলিক সমিতিৰ এগৰাকী আৰু জিলা সভাপতি-সম্পাদকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।