NORTHEAST NOW (Assamese)
অসম

কৰ’নাক লৈ প্ৰথম সতৰ্ক কৰি দিয়া চীনৰ সেই চিকিৎসকৰ মৃত্যুৰ এবছৰ পূৰ্ণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 7, 2021 11:27 am
Dr. Li wenlang

প্ৰায় এবছৰৰো পূৰ্বে চীনৰ উহানত মাৰাত্মক কৰ’না ভাইৰাছৰ উপস্থিতিৰ কথা প্ৰথম জনাইছিল দেশখনৰ চকু বিশেষজ্ঞ লি ৱেনলাঙে। তেওঁ সেই সময়তে সকলোকে সতৰ্ক কৰিও দিছিল।

পাছত এই ভাইৰাছ ব্যাপকভাৱে সংক্ৰমিত হৈ পৰে আৰু বহু লোকৰ মৃত্যু হ’লেও সেই চিকিৎসকৰ প্ৰতি সকলোৱে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ পাহৰা নাই।

অৱশ্যে, নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহ’ল চিকিৎসক লি ৱেনলাঙে। কৰ’না ভাইৰাছত আক্ৰান্ত হৈয়ে তেওঁৰ মৃত্যু হয়।

কৰ’না ভাইৰাছৰ অৱস্থিতি সম্পৰ্কে প্ৰথম বিশ্ববাসীক জনোৱা সেই চিকিৎসক ৱেনলাঙৰ মৃত্যুৰ এবছৰ পূৰ্ণ কৰিলে।

চীনৰ ‘নায়ক’ খিতাপ লাভ কৰা চিকিৎসক লি ৱেনলাঙৰ প্ৰথম মৃত্যু বাৰ্ষিকীত দেশখনৰ জনসাধাৰণে সোঁৱৰণ কৰিছে।

২০২০ চনৰ ৭ ফেব্ৰুৱাৰিত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ লি ৱেনলাঙৰ মৃত্যু হয়। লি ৱেনলাঙৰ প্ৰথম মৃত্যু বাৰ্ষিকীত দেশখনৰ জনসাধাৰণে ছচিয়েল মিডিয়াৰ জৰিয়তে ব্যাপকভাৱে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।

চকু চিকিৎসক ডাঃ লিয়ে ২০১৯চনৰ শেহৰ পিনে চীনৰ উহানত প্ৰথম ভাইৰাছটো চিনাক্ত কৰিছিল। কিন্তু তেওঁ এইটো মাৰাত্মক ‘চাৰ্ছ’ ভাইৰাছ বুলি সন্দেহ কৰিছিল।

বিষয়টো পোহৰলৈ অনাৰ বাবে চৰকাৰৰ ৰোষতো পৰিছিল চিকিৎসকগৰাকী। ডাঃ লিয়ে কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰিবলৈ গৈয়ে নিজেও কৰ’নাত আক্ৰান্ত হৈছিল। অৱশেষত তেওঁ কৰ’নাৰ ওচৰত হাৰ মানি জীৱন হেৰুৱাবলগীয়া হয়।