NORTHEAST NOW (Assamese)
অসম

ৰে’লত মহিলাৰ নিৰাপত্তাহীনতা অব্যাহত : এইবাৰ বি জি এক্সপ্ৰেছত ধৰ্ষণৰ পৰা কোনোমতে বাচিল এজনী ছোৱালী

Posted by: মুকুট দাস August 8, 2018 12:50 pm
Koraiba Wilson

যোৱা ১০ জুলাইত ৰে’লত শিৱসাগৰৰ ৰাধা কুমাৰী নামৰ এগৰাকী যুৱতীক মাকে ৰে’লত উঠাই থৈ যোৱাৰ দহ-পোন্ধৰ মিনিটৰ ভিতৰতে দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত আজি যোৱা নিশা অনুৰূপ ঘটনাৰ পৰা কোনোমতে বাচিল এজনী ছোৱালী।

ৰে’ল আৰক্ষীয়ে জনোৱা মতে, যোৱা নিশা ডিমাপুৰৰ পৰা কামাখ্য ষ্টেইশ্যনলৈ অহা বি জি এক্সপ্ৰেছ (নং15666)নামৰ ৰে’লগাড়ীখনত ককায়েকৰ সৈতে উঠা এজনী ছোৱালীক ৰে’লখনে যাত্ৰা কৰাৰ অলপ পিছতে লামডিং অঞ্চলত এজন লোকে ককায়েকৰ সন্মুখতে ধৰ্ষণৰ চেষ্টা কৰে।

কিন্তু আৰু আন যাত্ৰীসকল ছোৱালীজনীক বচাবলৈ সক্ষম হয়। ককায়েকে ৰে’ল আৰক্ষীক ফোন কৰি সহায় বিচাৰে যদিও ৰে’লখন গতিত থকা বাবে দুৰ্বৃত্তক ধৰিব নোৱাৰিলে।

ৰে’লখন গুৱাহাটী আহি পোৱাৰ পিছতহে গুৱাহাটী ৰেইলৱে’ আৰক্ষীয়ে দুৰ্বৃত্তজনক গ্ৰেপ্তাৰ কৰে। অভিযুক্তজনৰ নাম কৰাইবা উইলছন বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ মণিপুৰৰ সেনাপতি জিলাৰ টাদুবি আৰক্ষী থানাৰ অধীনৰ মাৰাম মাথাক গাৱঁত।

ৰেইল আৰক্ষী বিষয়া উৎপল কুমাৰ দাসে জনাইছে যে ঘটনাস্থল যিহেতু ডিমাপুৰৰ ওচৰত গতিকে উইলছনক ডিমাপুৰলৈ প্ৰেৰণ কৰা হ’ব। অভিযুক্তজনক বৰ্তমান ৰেইল আৰক্ষীৰ লক আপত ৰখা হৈছে।