NORTHEAST NOW (Assamese)
Popular Stories

‘প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ভূখণ্ড চীনক সমপৰ্ণ কৰিছে’ : ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2020 6:05 pm
867603-rahul-gandhi-bottlenecks.gif

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাতত ভাৰতৰ ভূখণ্ড সমপৰ্ণ কৰিছে। এই দাবী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই দাবী কৰি লগতে কয় যে চীনৰ আগ্ৰাসনৰ ওচৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মসমপৰ্ণ কৰিছে।

“আগ্ৰাসী চীনৰ হাতত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ভূখণ্ড সমপৰ্ণ কৰিছে। যদি সেই ভূখণ্ড চীনৰ, তেনে কিয় আমাৰ সৈন্যসকলক তাত হত্যা কৰা হৈছিল?” প্ৰধানমন্ত্ৰী মোদীক টেগ কৰি ৰাহুল গান্ধীয়ে এইদৰে টুইট কৰিছে।

উল্লেখ্য যে, যোৱা মে’ মাহৰ পৰা লাডাখ সীমান্তত দুই দেশৰ সৈন্য বাহিনীৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়ৰে পৰা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা চৰকাৰৰ ভূমিকাৰ সন্দৰ্ভত সৰৱ হৈ আহিছে।

বিভিন্ন প্ৰশ্ন আৰু অভিযোগৰ লগতে সীমান্তৰ বিবাদকলৈ ভাৰত চৰকাৰৰ নিষ্ক্ৰিয়তাক সমালোচনা কৰি আহিছে ৰাহুল গান্ধীয়ে।

সৰ্ব দলীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অধিক আক্ৰমণাত্মক হৈ পৰিছে মোদীৰ লগতে চৰকাৰৰ বিৰুদ্ধে।

শুকুৰবাৰে সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে ‘কোনোৱে আমাৰ ভূখণ্ডত প্ৰৱেশ আৰু আমাৰ প’ষ্ট দখলো কৰা নাছিল’।

প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ পিছতে সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিৰোধী নেতাসকলৰ লগতে প্ৰাক্তন সেনা বিষয়াসকলেও চৰকাৰ তথা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

আনহাতে সোমবাৰে গাৱলান উপত্যকাত দুয়ো দেশৰ সেনাৰ মাজত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছতে চীনৰ বৈদেশিক মন্ত্ৰীৰে হোৱা টেলিফোনিক বাৰ্তালাপত ভাৰতৰ বৈদেশিক মন্ত্ৰী এ জয়শঙ্কৰে গালৱান উপত্যকাৰ পাংগং হ্ৰদ ভাৰতৰ বুলি দাবী কৰি কৈছিল যে চীনা সৈন্যই ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি ভৰাতীয় সৈন্যৰ ওপৰত আক্ৰমণ কৰিছিল।