NORTHEAST NOW (Assamese)
অসম

আমি উত্তৰ দিবলৈ সাজু, দেশবাসীক আশ্বাস বায়ুসেনা প্ৰধান আৰ কে এছ ভাদুৰিয়াৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2020 5:31 pm

ভাৰতীয় বায়ু সেনা বাহিনী প্ৰধান আৰ কে এছ ভাদুৰিয়াই গলৱান উপত্যকাত চহিদ হোৱা ভাৰতীয় বীৰ সেনা জোৱানৰ আত্মবলিদান অথলে যাব দিয়া নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে।

ভাদুৰিয়াই চহিদৰ আত্মবলিদানক স্মৰণ কৰি ভাৰতীয় বায়ুসেনা বাহিনী যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ সম্পূৰ্ণ সাজু বুলিও লগতে কয়।

‘‘মই দেশবাসীক বিশ্বাস দিব খোজো……আমি প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণ সাজু…গলৱান উপত্যকাত আত্মবলিদান দিয়া বীৰ চহিদৰ তেজক আমি অথলে যাবলৈ নিদিও,’’ বায়ু সেনা বাহিনীৰ প্ৰধান গৰাকীয়ে এনেদৰে কয়।

এল এ চিৰ সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে সমাধানৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলিও তেওঁ লগতে উল্লেখ কৰে।

উল্লেখযোগ্য যে, ভাৰতীয় বায়ুসেনা বাহিনীয়ে চীনৰ সৈতে আৰম্ভ হোৱা শেহতীয়া বিবাদৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ পৰা জৰুৰীকালীনভাৱে চুখ’য়-৩০ আৰু মিগ-২৯ যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো কোনো কাৰণতে বীৰ জোৱান সকলৰ আত্মবলিদান অথলে যাবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰিছিল।