NORTHEAST NOW (Assamese)
অসম

ভেলেন্টাইন ডে’ত প্ৰতাৰণা! কিয় ক্ৰাইম ব্ৰাঞ্চৰ জেৰাৰ সন্মুখীন হ’ল ছানি লিয়নি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 7, 2021 1:51 pm
sunny-leone.1.312269

বলীউদৰ আবেদনময়ী অভিনেত্ৰী ছানি লিয়নি এক নতুন অভিযোগৰ সন্মুখীন হৈছে। প্ৰাক্তন পৰ্ণ তাৰকা ছানিৰ ভাষ্যও ৰেকৰ্ড কৰিলে ক্ৰাইম ব্ৰাঞ্চে।

বাতৰি অনুসৰি ধন জালিয়াতিৰ অভিযোগৰ সন্মুখীন হৈছে বৰ্তমান বলীউদ অভিনেত্ৰীগৰাকী।

এটা অনুষ্ঠানৰ উদ্যোক্তাই ছানিৰ বিৰুদ্ধে ২৯ লাখ টকা ফাকি দি নিয়াৰ অভিযোগ তুলিছে। জানিব পৰা মতে, ২০১৯ চনত ভেলেন্টাইন ডে’ৰ অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল ছানি লিয়নিৰ। কিন্তু সময়ত তেওঁ সেই অনুষ্ঠানত উপস্থিত নহ’ল।

ছিয়াছ নামৰ এগৰাকী ব্যক্তিয়ে দাবী কৰা মতে অনুষ্ঠানত অহাৰ বাবে ছানিক ২৯ লাখ আগধন দিয়া হৈছিল। সেই সম্পৰ্কত ক্ৰাইম ব্ৰাঞ্চচলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰা হৈছিল।

উক্ত অভিযোগৰ ভিত্তিতে তিৰুৱন্তপুৰম জিলাৰ পোভাৰত ছানিক ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াসকলে লগ কৰি তেওঁৰ ভাষ্য ৰেকৰ্ড কৰে।

অভিযোগ প্ৰমান হ’লে শাস্তিৰ সন্মুখীন হ’ব পাৰে ছানি লিয়নি।

আৰক্ষীৰ সূত্ৰৰ মতে ছানিয়ে ক্ৰাইম ব্ৰাঞ্চক জানিবলৈ দিয়ে যে অনুষ্ঠানৰ দিন বাৰ কেইবাবাৰো সলনি কৰা হৈছিল। সেয়ে, তেওঁৰ অন্যান্য কামৰ সূচীৰ সমস্যা হৈছিল।

ধনৰ লেনদেনৰ দুইপক্ষৰ হোৱাটছএপ চ্যাটো ক্ৰাইম ব্ৰাঞ্চৰ হাতত পৰিছে। ইপিনে,  ক্ৰাইম ব্ৰাঞ্চে আন শিল্পীসকলৰ সৈতেও যোগাযোগ কৰাৰ পৰিকল্পনা কৰিছে।