NORTHEAST NOW (Assamese)
অসম

ভাৰতত প্ৰথম! সন্মান প্ৰদৰ্শন কৰিবলৈ স্থাপন কৰা হ’ল কুকুৰৰ প্ৰতিমূৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2021 7:03 am
dog-statue 123

জ্ঞানী-গুণীজনৰ প্ৰতিমূৰ্তি স্থাপন কৰাটো কোনো নতুন কথা নহয়। কিন্তু কুকুৰৰ প্ৰতিমূৰ্তি!

কথাষাৰ শুনিবলৈ কিছু আচহুৱা যেন লাগিলেও সঁচাকৈয়ে কুকুৰৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে দেশৰ এখন ৰাজ্যত।

তাকো সম্পূৰ্ণ চৰকাৰী উদ্যোগত স্থাপন কৰা হৈছে সাৰমেয়ৰ প্ৰতিমূৰ্তি।

উত্তৰপ্ৰদেশৰ মুজৰফৰনগৰত চৰকাৰেই স্থাপন কৰিছে কুকুৰৰ প্ৰতিমূৰ্তি। অৱশ্যে প্ৰতিমূৰ্তি স্থাপন কৰা এই কুকুৰটো এলাপেচা কুকুৰ নহয়।

কুকুৰটো হৈছে উত্তৰপ্ৰদেশৰ মুজফৰনগৰ আৰক্ষীৰ ডগ স্কোৱাডৰ এচিপি টিংকি।

প্ৰায় ৪৯ টা জটিল অপৰাধৰ তথ্য উদঘাটনত আৰক্ষীক সহায় কৰিছিল টিংকি নামৰ কুকুৰটোৱে।

জাৰ্মান ছেফাৰ্ড প্ৰজাতিৰ টিংকিৰ স্মৰণতে সেয়ে মুজফৰনগৰ আৰক্ষীয়ে সম্পূৰ্ণ চৰকাৰী খৰচত নিৰ্মাণ কৰি উলিয়াইছে এই প্ৰতিমূৰ্তিটো।

মুজফৰনগৰ আৰক্ষীত দক্ষতাৰে কাৰ্যনিবাহ কৰা টিংকিৰ মৃত্যু ঘটে ২০২০ চনত।কিন্তু টিংকিৰ সাহসিকতাক পাহৰিব পৰা নাই আৰক্ষী বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকলে।

সেইবাবেই প্ৰতিমূৰ্তি স্থাপন কৰি টিংকিৰ স্মৃতি সজীৱ কৰি ৰখাৰ প্ৰয়াস কৰা হৈছে বুলি মুজফৰপুৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে।

টিংকিৰ চোৱা-চিতাৰ দায়িত্বত আছিল সুনীল কুমাৰ নামৰ আৰক্ষীৰ কৰ্মচাৰী গৰাকী।সুনীল কুমাৰৰ দ্বাৰাই টিংকিৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়।