NORTHEAST NOW (Assamese)
অসম

আহি আছে ‘2020 XU6’ : ২২ ফেব্ৰুৱাৰীত কি ঘটিব পৃথিৱীত ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2021 9:00 am
a astro

২২ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ববাসীৰ বাবে এটা সংশয়পূৰ্ণ দিন হ’ব ।

কাৰণ সেই দিনটোতে ষ্টেছু অৱ লিবাৰ্টিতকৈ প্ৰায় দুগুণ বৃহৎ এটা গ্ৰহাণুৱে পৃথিবীৰ নিছেই কাষেৰে পাৰ হৈ যাব।

‘2020 XU6’ নামৰ এই গ্ৰহাণুটোৱে ২২ ফেব্ৰুৱাৰীৰ দিনা পৃথিৱীৰ পৰা প্ৰায় ৩০ হাজাৰ মাইল দূৰত্বত অৱস্থান কৰিব ।

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা মতে গ্ৰহাণুটোৱে তীব্ৰ বেগেৰে পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব যদিও ই পৃথিৱীত খুন্দা মৰাৰ আশংকা তেনেই কম।

২২১ মিটাৰ দৈৰ্ঘ্যৰ গ্ৰহাণুটোৱে প্ৰতি ঘণ্টাত ৩০ হাজাৰ ২৪০ কিলোমিটাৰ বেগেৰে পৃথিৱীৰ দিশে আগুৱাই আহি আছে।

নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে পৃথিৱীৰ কাষৰে-পাজৰে প্ৰায় ১৮ হাজাৰটা গ্ৰহাণুৱে ঘূৰি আছে যদিও সেইবোৰৰ মাজৰে ১৮০০ টা গ্ৰহাণুহে পৃথিৱীৰ বাবে বিপজ্জনক বুলি চিহ্নিত কৰা হৈছে।

পৃথিৱীৰ দিশে আহি থকা গ্ৰহাণুটোৰ ওপৰত নাছাৰ বিজ্ঞানীসকলে তীক্ষ্ণ নজৰ ৰাখিছে আৰু গ্ৰহাণুটোৱে পৃথিৱীৰ কোনো ক্ষতিসাধন নকৰিব বুলিয়েই বিজ্ঞানীসকলে আশা পোষণ কৰিছে।

উল্লেখ্য চাইবেৰিয়াকে ধৰি বিশ্বৰ বহু ঠাইত মহাজাগতিক উপাদানে  খুন্দা মৰাৰ ফলত পূৰ্বে বহু ক্ষতি হৈছিল।