NORTHEAST NOW (Assamese)
অসম

প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ; ৫ জনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 14, 2023 2:09 pm

এগৰাকী কলেজীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ কৰা হৈছে যে ১৯ বছৰীয়া যুৱতীগৰাকীক ডিঙিত চুৰি লগাই ৰাখি ধৰ্ষণ কৰা হৈছিল। ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তামিলনাডুত সংঘটিত হৈছে এই জঘণ্য ঘটনা।

ঘটনাটো বৃহস্পতিবাৰে সন্ধিয়া কাঞ্চিপুৰম অঞ্চলত সংঘটিত হৈছিল। কলেজলৈ যোৱা যুৱতীগৰাকীয়ে তাইৰ প্ৰেমিকৰ সৈতে খোজ কাঢ়ি ফুৰিবলৈ গৈছিল। দুয়ো খোজ কাঢ়ি এক নিৰ্জন ঠাইত উপনীত হৈছিল।

লগতে পঢ়ক: অঘটন! ‘ভাৰত জোড়ো যাত্ৰা’ত ৰাহুল গান্ধীৰ লগত খোজ কাঢ়ি থাকোঁতে জলন্ধৰৰ কংগ্ৰেছ সাংসদৰ মৃত্যু

হঠাতে দুজন মাতাল ব্যক্তিয়ে যুৱতীগৰাকীৰ পুৰুষ বন্ধুক আক্ৰমণ কৰে। দুয়োজন মানুহৰ মুখত মাস্ক আছিল। তাৰ পিছত আন চাৰিজন দুৰ্বৃত্তও ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে কয় যে যুৱতীগৰাকীক ডিঙিত চুৰি ৰাখি এটুকুৰা অন্ধকাৰ ঠাইলৈ লৈ যোৱা হৈছিল। তাৰ পিছত এটা এটাকৈ দুৰ্বৃত্তই পাশৱিক অত্যাচাৰ চলায়।

ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে আন এজন ব্যক্তিক বিচাৰি আছে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি, দুৰ্বৃত্তই যুৱতীগৰাকীৰ পুৰুষ বন্ধুকো প্ৰহাৰ কৰিছিল।  প্ৰেমিকৰ সন্মুখতে ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল। অভিযুক্তসকলে তাৰপিছত দুয়োকে ৰাজপথৰ কাষত এৰি পলাই গৈছিল।

লগতে পঢ়ক: বিৰহ নে অভিমান! জেৰাৰ্ডৰ সৈতে বিচ্ছেদক লৈ গোৱা ছাকিৰাৰ গানটোৱে ভাঙিলে অভিলেখ

যুৱতীগৰাকী আৰু তেওঁৰ প্ৰেমিক তাৰ পৰা এক আত্মীয়ৰ ঘৰলৈ যায়। পিছত ছয়জন ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰা হয়। যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।