NORTHEAST NOW (Assamese)
অসম

অৱসৰপ্ৰাপ্ত IAS বিষয়া ৰাজীৱ কুমাৰ বৰাক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 8, 2021 8:56 pm
IAS Rajib Kumar Bora

অৱসৰপ্ৰাপ্ত IAS বিষয়া ৰাজীৱ কুমাৰ বৰাক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত নতুনকৈ নিযুক্তি দিছে ৰাজ্য চৰকাৰে।

আজি ৰাজ্যপালে এক অধিসূচনা যোগে অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰূপে নিয়োগ কৰিছে বৰাক।

তেওঁ কাইলৈ ৰাজভৱনত ৰাজ্যপালৰ উপস্থিতিত পুৱা ১১ বজাত শপতবাক্য পাঠ কৰিব বুলি জানিব পৰা গৈছে।

সোমবাৰে ৰাজ্যৰ ৰাজ্যপালৰ কাৰ্যালয়ে জাৰি কৰি দিয়া নিৰ্দেশ অনুযায়ী এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৰাজীৱ কুমাৰ বৰাই৷

উল্লেখযোগ্য যে, বৰাই বিত্ত বিভাগৰ আয়ুক্ত সচিব, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ উপৰিও ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব হিচাপে অৱসৰ লৈছিল।

ইয়াৰোপৰি, ৰাজীৱ কুমাৰ বৰাৰ পূৰ্বে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত IPS বিষয়া পল্লৱ ভট্টাচাৰ্য অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত অধিষ্ঠিত আছিল।