NORTHEAST NOW (Assamese)
অসম

ঝিনপিঙৰ শৰীৰত এডালো গণতান্ত্ৰিক হাড় নাই : মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 9, 2021 5:06 pm

চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙক কঠোৰ সমালোচনা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে।

এটা সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি জ’ বিডেনে চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙৰ শৰীৰত এডালো গণতান্ত্ৰিক হাড় নাই বুলি সমালোচনা কৰে।

বিডেনে ঝিনপিঙক অতি চোকা আৰু কঠোৰ হিচাপেও সাক্ষাৎকাৰটোত উল্লেখ কৰে।

ইপিনে, চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰই মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনৰ মন্তব্য সম্পৰ্কত কোনোধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে।

‘‘চীনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সুসম্পৰ্ক গঢ়াৰ বাবে বদ্ধ পৰিকৰ,’’ চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰই এইদৰে কয়।

উল্লেখযোগ্য যে, আমেৰিকাৰ সদ্য বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্য্যকালত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিছিল।

মূলত ক’ৰ’না, টাইৱান, দক্ষিণ চীন সাগৰ আদি বিষয়ক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত তীব্ৰ মতানৈক্যৰ সৃষ্টি হৈছিল।