NORTHEAST NOW (Assamese)
অসম

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত নিৰ্বাচন সম্পৰ্কীয় সভা; কোভিডৰ সময়ত পোষ্টেল ভোট সম্পৰ্কে চৰ্চা

Posted by: চানু গগৈ Updated by: চানু গগৈ February 10, 2021 8:39 am

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলাবাৰে পুৱা ১০-৩০ বজাত আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কীয় বিষয় লৈ জিলা উপায়ুক্ত  লীনা দাসৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কোভিড-১৯ ৰ সম্পৰ্কে চোকা নজৰ ৰাখি নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা নতুন নিৰ্দেশনাৱলী মতে তিনিটা শ্ৰেণীৰ অনুপস্থিত ভোটাৰৰ (Absentee Voter) ৰ বাবে পোষ্টেল বেলট কাগজ যোগে কিদৰে ভোট দানৰ সুবিধা কৰিব লাগিব তাৰ ওপৰত বিতং ভাৱে আলোচনা কৰা হয়।

৮০ বছৰৰ উৰ্দ্ধৰ  জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম লোক আৰু কৰোনা আক্ৰান্ত অথবা কৰোনা আক্ৰান্ত বুলি সন্দেহ থকা লোকক সংশ্লিষ্ট বিভাগৰ পৰা প্ৰমান পত্ৰ পোৱাৰ পিছত ঘৰৰ পৰাই পোষ্টেল বেলট কাগজ যোগে ভোট দানৰ সুবিধাৰ বাবে নিৰ্বাচন বিভাগৰ দ্বাৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি নিৰ্বাচন বিষয়াই জানিবলৈ দিয়ে।

সভাত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, অতিৰিক্ত উপায়ুক্ত  অজিত কুমাৰ শৰ্মা, নিৰ্বাচনী বিষয়া  দীপময় ঠাকুৰীয়া জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰী প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়া সকল উপস্থিত আছিল।