NORTHEAST NOW (Assamese)
Popular Stories

ভিক্ষাবৃত্তিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নতুন সিদ্ধান্ত : কেইবাখনো ৰাজ্যলৈ জাননী জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2021 11:51 am

বুধবাৰে উচ্চতম ন্যায়ালয়ে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত ভিক্ষাবৃত্তিৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্যত বাহাল থকা নিষেধাজ্ঞাসমূহৰ পুনর্বিবেচনাৰ বাবে মান্তি হয়। ইয়াৰ ফলস্বৰূপে ভিক্ষাবৃত্তি অপৰাধ হিচাপে গণ্য কৰা নহ’ব।

জাষ্টিছ অশোক ভুষণ আৰু জাষ্টিছ আৰ. সুভাষ ৰেড্ডিয়ে গুজৰাট, পাঞ্জাৱ, হাৰিয়ানা, বিহাৰ আৰু মহাৰাষ্ট্ৰলৈ এই সংক্ৰান্তত জাননী জাৰি কৰিছে।

উক্ত ৰাজ্যসমূহত ‘প্ৰিভেনচন অৱ বেগিং এক্ট’ অনুসৰি ভিক্ষাবৃত্তিক অপৰাধ হিচাপে গণ্য কৰা হয়। ছুপ্ৰীম ক’ৰ্টে ৰাজ্যকেইখনক প্ৰতিবেদন দাখিল কৰিবলৈ ছয় সপ্তাহৰ সময় বান্ধি দিছে।

উল্লেখযোগ্য যে ২০১৮ চনৰ ৮ আগষ্টত দিল্লী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিছিল যে ভিক্ষাবৃত্তিক অপৰাধ হিচাপে গণ্য কৰা নহ’ব।

দিল্লী উচ্চ ন্যায়ালয়ে মত প্ৰকাশ কৰিছিল যে জনসাধাৰণৰ জীৱন-জীৱিকাৰ উন্নত অৱস্থা আৰু সামাজিক সুৰক্ষাৰ নিশ্চিতি প্ৰদানৰ বাবে চৰকাৰ তথা শাসন ব্যৱস্থা বাধ্য।