NORTHEAST NOW (Assamese)
অসম

মহিলা-শিশুৰ নিৰাপত্তা নহয়, ‘নিৰ্ভয়া পুঁজি’ৰ ধন খৰচ কৰা হৈছে ৰাজপথ নিৰ্মাণত!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2021 6:36 pm
a nirbhya

দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ দুঃসহ স্মৃতি আজিও দেশবাসীৰ মনৰ পৰা মচ খাই যোৱা নাই।

২০১২ চনৰ ১৬ ডিচেম্বৰৰ দিনা দিল্লীৰ ৰাজপথত চলন্ত গাড়ীৰ ভিতৰতে বলাৎকাৰ কৰি গাড়ীৰ পৰা দলিয়াই পেলাই দিয়া হৈছিল নিৰ্ভয়াক।

কেইবাদিনো মৃত্যুৰে যুঁজাৰ অন্তত বিদেশৰ চিকিৎসালয়ত মৃত্যুক সাৱটি লৈছিল নিৰ্ভয়াই।

দেশজুৰি জোকাৰণিৰ সৃষ্টি কৰা নিৰ্ভয়া কাণ্ডৰ পিছতে চৰকাৰে দেশৰ মহিলা আৰু শিশুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ১০০০ কোটি টকাৰে আৰম্ভ কৰিছিল নিৰ্ভয়া পুঁজি।

কিন্তু সকলোৱে জানি আচৰিত হ’ব যে নিৰ্ভয়া পুঁজিত থকা ধনৰ মাত্ৰ ৭৩ শতাংশ ব্যৱহাৰ হৈছে আৰু সেই ধন নাৰী অথবা শিশুৰ সুৰক্ষাৰ নামত ব্যৱহাৰ কৰা হোৱা নাই।

সেই ধন ব্যৱহাৰ হৈছে ৰাস্তা-ঘাট নিৰ্মাণ, ৰে’ল পথ নিৰ্মাণ আদি কামতহে।

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত পোহৰলৈ আহিছে চৰকাৰে সংঘটিত কৰা এই নিদাৰুণ ঘটনাৰ কথা।

শেহতীয়াকৈ অক্সাম ইণ্ডিয়া নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে ২০১৩ চনত তদনীন্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ উদ্যোগত গঠন কৰা নিৰ্ভয়া পুঁজিৰ ধনেৰে বৰ্তমানৰ চৰকাৰে বাট-পথহে নিৰ্মাণ কৰিছে।

প্ৰতিবেদনত প্ৰকাশ পোৱা মতে  এই পুঁজিৰ ২৭ শতাংশ ধন আজিও ব্যৱহাৰ নোহোৱাকৈয়ে আছে।

অক্সাম ইণ্ডিয়াৰ কাৰ্যবাহী অমৃতা পিত্ৰেই প্ৰকাশ কৰা মতে কেন্দ্ৰীয় গৃহ দপ্তৰেও আনকি ভালদৰে নাজানে এই পুঁজিৰ ধন ক’ত কিদৰে ব্যৱহাৰ কৰা হৈছে।

নিৰ্ভয়া পুঁজিৰ ধনৰ অপব্যৱহাৰত আশ্বৰ্য প্ৰকাশ কৰিছে নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়েও।