NORTHEAST NOW (Assamese)
অসম

আলফাৰ অন্তিম সময়সীমা উকলিবলৈ মাজত মাত্ৰ কেইটামান দিন: আজিও সন্ধান নাই কুইপ’ৰ অপহৃত বিষয়াৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ February 11, 2021 6:51 pm
a biden

যোৱা ডিচেম্বৰ ২১ তাৰিখে আলফা(স্বা) আৰু এন এছ চি এনৰ দ্বাৰা অপহৰণ হোৱা শিৱসাগৰ নগৰৰ এছ টি চি সমীপৰ হাবিৰাম বৰা পথৰ নিবাসী প্ৰণৱ কুমাৰ গগৈৰ আজিও কোনো সন্ধান নাই।

আজি শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ ঘৰত উপস্থিত হয় আটাছুৰ এটা সঁজাতি দল। অপহৃত প্ৰণৱ কুমাৰ গগৈৰ পত্নী ,মাতৃ,অসুস্থ পিতৃক দেখা কৰে লগতে পত্নী নমিতা গগৈৰ সৈতে সমগ্ৰ ঘটনাৰ বুজ লয়।

ইফালে অপহৰণকাৰী সকলৰ ক্ষেত্ৰত  অহা ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কোম্পানীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰিলে বিহাৰৰ ৰাম কুমাৰ নামৰ কৰ্মচাৰীজনক আলফা স্বাধীনে হত্যা কৰাৰ হুংকাৰ দিয়াত এতিয়া পৰিয়ালৰ লোক শংকিত হৈ পৰে।

অপহৃতৰ  দুৰ্ভগীয়া পত্নী আৰু মাতৃয়ে সাম্ভাৱ্য  বিপদৰ আশংকা কৰি   এইক্ষেত্ৰত চৰকাৰ আৰু কুইপ’ কোম্পানীৰ  হস্তক্ষেপ কামনা কৰিছে।

আটাছুৰ নেতাজনে আলফা ৰ উক্ত অপহৰণকাণ্ডক  তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।  তেওঁ মানৱীয়তাৰ খাতিৰত দুই অপহৃত ব্যক্তিক মুকলি কৰি দিয়াৰ অনুৰোধ জনালে পৰেশ বৰুৱা লৈ।