NORTHEAST NOW (Assamese)
অসম

বয়সীয়াল লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ বিশেষ পদক্ষেপ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 16, 2020 3:25 pm

ক’ৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ ল’কডাউনৰ ফলত বহু অসহায় লোক হতাশাৰ সন্মুখীন হৈছে।

বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে এনে লোকসকলক সহায় কবিবলৈ আগুৱাই আহিছে অসম আৰক্ষী।

ইয়াৰ বাবে তেওঁলোকে আজি মুকলি কৰিছে চাৰিটাকৈ হেল্পলাইন নম্বৰ।

হেল্পলাইন নম্বৰকেইটা ক্ৰমে ৬০২৬৯০০৯৭৪, ৬০২৬৯০০৯৭৫, ৯৪৩৫২১৫০২৯ আৰু ৯১৩২৬৯৯৭৩৫।

কোনো লোকৰ ঘৰত যদি বয়সীয়াল আছে আৰু তেওঁ জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হয় তেনে অৱস্থাত উপৰত উল্লেখিত হেল্পলাইন নম্বৰত ফোন কৰিবলৈ অসম আৰক্ষীয়ে আহ্বান জনায়।

উল্লেখযোগ্য যে, ৰাজ্যৰ সমগ্ৰ প্ৰান্তত পদপথৰ ভিক্ষাৰী, দৰিদ্ৰ লোকক এই ল’কডাউনৰ দিনকেইটাত অসম আৰক্ষীয়ে খাদ্য সামগ্ৰী যোগান ধৰি আহিছে।