NORTHEAST NOW (Assamese)
অসম

মানস ৰাষ্ট্ৰীয় উদ্যানত আৰক্ষী-চি আৰ পি এফৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2021 8:16 pm

চিৰাং জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বৃহস্পতিবাৰে আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।

আৰক্ষীৰ দলটোৱে দুটা এ কে-৪৭ ৰাইফল, এটা এম-২০ পিষ্টল আৰু ৫৬ জাই সজীৱ গুলি  অভিযানকালত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যৰ মাজত এই অস্ত্ৰ-শস্ত্ৰখিনি লুকুৱাই ৰখা হৈছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

বৰ্তমানলৈ আৰক্ষীৰ দলটোৱে এই অস্ত্ৰ উদ্ধাৰৰ ঘটনাৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নায়।

‘‘আমি দুটা এ কে-৪৭ ৰাইফল, এটা পিষ্টল, মেগজিন আৰু ৫৬ জাই সজীৱ গুলি বনৰ ভিতৰত উদ্ধাৰ কৰিছো। এতিয়ালৈ কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই, তদন্ত অব্যাহত আছে,’’ চিৰাং জিলাৰ আৰক্ষীয়ে টুইটাৰযোগে এনেদৰে লিখে।

অভিযানত অসম আৰক্ষীক চি আৰ পি এফৰ ১৫৬ বেটেলিয়নেও সহায় আগবঢ়ায়।

চিৰাং আৰক্ষীৰ এই সফল অভিযানক এ ডি জি পি (আইন-শৃংখলা) জি পি সিঙেও টুইট কৰি প্ৰশংসা কৰে।