NORTHEAST NOW (Assamese)
অসম

অখিল গগৈলৈ কি কি প্ৰলোভন বিজেপি চৰকাৰৰ? ক’লে ৰাইজৰ দলে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 12, 2021 8:34 pm
অখিল গগৈলৈ কি কি প্ৰলোভন বিজেপি চৰকাৰৰ? ক’লে ৰাইজৰ দলে

কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ জামিন আবেদনৰ শুনানি নাকচ কৰাৰ পাছতে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাইজৰ কাৰ্য্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই কেইটামান বিস্ফোৰক মন্তব্য আগবঢ়ায়।

শইকীয়াই বিজেপি দলে কাৰাৰুদ্ধ অখিল গগৈক বিভিন্ন প্ৰলোভন দি অহা বুলি গুৰুতৰ অভিযোগ তোলে।

অখিল গগৈক বিজেপি চৰকাৰে কেনেধৰণৰ প্ৰলোভন দিয়া হৈছে বুলি আমাৰ সাংবাদিকে সোধাত ভাস্ক’ডি শইকীয়াই কয় ‘অখিল গগৈকে বিভিন্ন প্ৰলোভন দি আহিছে বিজেপি চৰকাৰে। অসমত বিজেপি চৰকাৰ পুনৰ দিচপুৰলৈ অহাত সহায় কৰি দিলে অখিল গগৈক মুকলি কৰি দিয়া হ’ব।‘

‘কা ৰ বিৰুদ্ধে অখিল গগৈৰ দৃঢ়স্থিতি নৰম কৰি দিলে তেওঁক কাৰামুক্ত কৰি দিয়া হ’ব। টোলগেটৰ ক্ষেত্ৰত, বৃহৎ নদীবান্ধৰ ক্ষেত্ৰত থকা দৃঢ় স্থিতি নৰম কৰি দিলে তেওঁক কাৰামুক্ত কৰি দিয়া হ’ব।‘ বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি ভাস্ক’ডি শইকীয়াই এইদৰে কয়।

অখিল গগৈ কোনো প্ৰলোভনত বিক্ৰী যোৱা ব্যক্তি নহয় বুলি দাবী কৰি শইকীয়াই লগতে কয়, ‘তেওঁ কেতিয়াও জাতিক বিশ্বাসঘাতকতা কৰা ব্যক্তি নহয়। আপোচবিহীন স্থিতি আৰু জাতিক ভালপোৱা বাবেই আজিও কাৰাবন্দী হৈ আছে।

ইপিনে, অখিল গগৈলৈ ৰাজ্য চৰকাৰৰ ইমান ভয় কিয় বুলি প্ৰশ্ন কৰি শইকীয়াই সাক্ষাৎকাৰত কয়, ‘অখিল গগৈক দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰাখিবৰ কাৰণে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে দীৰ্ঘদিনে ষড়যন্ত্ৰ চলাই আহিছে। ইয়াৰ কাৰণ এটাই যে চৰকাৰখনৰ অখিল গগৈৰ প্ৰতি থকা ভয়।‘

তদুপৰি দেশত ‘গণতন্ত্ৰ হত্যা কৰি স্বৈৰতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে’ বুলি দাবী কৰি তেওঁ লগতে কয়, ‘সাম্প্ৰদায়িকতাৰ জয় জয়কাৰ কৰি মানুহক মূল সমস্যাৰ পৰা আঁতৰাই ৰখা হৈছে। অখিল গগৈক কাৰাৰুদ্ধ কৰি এখনৰ পাছত আন এখন টোলগেট বিজেপি চৰকাৰে মুকলি কৰি দিছে। কাম বন্ধ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বিজেপি চৰকাৰে তড়িৎ গতিত চলাই নিছে।