NORTHEAST NOW (Assamese)
অসম

ছত্তিশগড়ৰ মাওবাদীৰ আক্ৰমণত শ্বহীদ আৰু এগৰাকী অসমৰ বীৰ জোৱান দিলীপ কুমাৰ দাস

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 5, 2021 7:30 am
Dilip kumar Das

ছত্তিশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনাত শ্বহীদ হ’ল অসমৰ আৰু এগৰাকী বীৰ জোৱান বজালীৰ সৰুপেটাৰ ভাৰেগাঁৱৰ CRPFৰ পৰিদৰ্শক দিলীপ কুমাৰ দাস।

গাঁওখনৰ অতি সৰবৰাহী যুৱক দিলীপ কুমাৰ দাসৰ মৃত্যুৰ খৱৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

শ্বহীদ দিলীপ কুমাৰ দাসে মৃত্যুৰ সময়ত তেওঁৰ পত্নী আৰু দুগৰাকী কন্যা সন্তানক এৰি গৈছে।

দাসে ২০০১ চনৰ পৰাই এগৰাকী জোৱান হিচাপে সেৱা আগবঢ়াই আহিছিল।

মাওবাদীৰ এই ভয়ংকৰ আক্ৰমণটোত অসমৰ আন এগৰাকী বীৰ জোৱান দুধনৈৰ বাবলু ৰাভাও শ্বহীদ হয়।

শ্বহীদ বাবলু ৰাভাৰ ঘৰ গোৱালপাৰা জিলাৰ দুধনৈৰ নিকটৱৰ্তী দামৰা পাটপাৰাত।

শনিবাৰে ছত্তিশগড়ৰ বিজাপুৰ আৰু চুকমা জিলাৰ সীমান্তৰ মাওবাদী অধ্যুষিত পাহাৰীয়া অৰণ্যাঞ্চলত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা নিৰাপত্তা বাহিনীৰ ওপৰত মাওবাদীয়ে অতৰ্কিতে ভয়ংকৰভাৱে আক্ৰমণ সংঘটিত কৰিছিল।

এই আক্ৰমণত মুঠতে ২২গৰাকী বীৰ জোৱান শ্বহীদ হয়।