NORTHEAST NOW (Assamese)
Popular Stories

অন্ত পৰিল এটা যুগৰ! ৮৬ বছৰ বয়সত মেলানি মাগিলে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিঅ’ বাৰ্লুস্কোনিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2023 4:57 pm

৮৬ বছৰ বয়সত সংসাৰৰ পৰা মেলানি মাগিলে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিঅ’ বাৰ্লুস্কোনিয়ে।

ইটালীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি মিলানৰ ছান ৰাফেল হাস্পতালত তেওঁৰ মৃত্যু হয়।

এপ্ৰিল মাহত বাৰ্লুস্কোনিৰ হাওঁফাওঁৰ সংক্ৰমণৰ চিকিৎসা কৰা হৈছিল। ক্ৰনিক লিউকেমিয়াৰ ৰোগীত আক্ৰান্ত হৈ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

উল্লেখ্য যে এজন আড়ম্বৰপূৰ্ণ কোটিপতি বাৰ্লুস্কোনিয়ে প্ৰথমবাৰৰ বাবে ১৯৯৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ২০১১ চনলৈকে চাৰিখন চৰকাৰক নেতৃত্ব দিছিল।

তেখেতৰ মৃত্যুৰ খবৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো ক্ৰ’ছেট্টোৱে কয় যে বাৰ্লুস্কোনিৰ মৃত্যুৱে এক বৃহৎ শূন্যতা সৃষ্টি কৰিছে।

চলিত বৰ্ষৰ আৰম্ভণিতে ছান ৰাফেলৰ চিকিৎসকে সাংবাদিকৰ আগত কয় যে প্ৰাক্তন নেতাগৰাকী তেজৰ কৰ্কট ৰোগৰ এক বিৰল ৰূপ ক্ৰনিক মাইল’ম’ন’চাইট লিউকেমিয়াত আক্ৰান্ত হৈছিল।

২০২০ চনত কভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা বাৰে বাৰে স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল নেতাগৰাকী।

উল্লেখ্য যে ১৯৩৬ চনত মিলানত জন্মগ্ৰহণ কৰা বাৰ্লুস্কোনিয়ে ভেকুৱাম ক্লিনাৰ বিক্ৰী কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তাৰ পিছত তেওঁ এটা নিৰ্মাণ কোম্পানী স্থাপন কৰিছিল।

তাৰ পিছত তেওঁ ইটালীৰ অন্যতম ধনী ব্যক্তি হিচাপে পৰিগণিত হয়।

ৰাজনীতিলৈ যোৱাৰ আগতে তেওঁ কিংবদন্তি ফুটবল ক্লাব এ চি মিলানৰ মালিক হিচাপে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল।