NORTHEAST NOW (Assamese)
অসম

কাইলৈ ভাৰতীয সেনাৰ হাতত প্ৰধানমন্ত্ৰী মোদীয়ে তুলি দিব ১১৮ খন দেশীয় ভাবে তৈয়াৰী অৰ্জুন টেংক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2021 4:25 pm
arjun-tank

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এতিয়া ক্ৰমাৎ স্বনিৰ্ভৰশীল হ’বলৈ আগবাঢ়িছে ভাৰত।

সেই মৰ্মে ভাৰত বিভিন্ন অস্ত্ৰ তথা মিছাইল আদি ঘৰুৱা প্ৰযুক্তিৰে প্ৰস্তুত কৰিছে।

কাইলৈ অৰ্থাৎ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাৰ হাতত আনুষ্ঠানিকভাবে অৰ্পণ কৰিব সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তিৰে সাজি উলিওৱা ১১৮ খন অৰ্জুন টেংক।

আজি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কাইলৈ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠান প্ৰধানমন্ত্ৰী মোদীয়ে উক্ত টেংক ভাৰতীয় সেনাৰ হাতত তুলি দিব।ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী সতীশ ৰেড্ডীয়ে প্ৰকাশ কৰা মতে  আত্মনিৰ্ভৰ ভাৰতৰ সপোন সাকাৰ কৰাৰ বাবেই মোদীয়ে সেনা বাহিনীক এই টেংক প্ৰদান কৰিব ।

অৰ্জুন টেংক সাজি উলিওৱাৰ ক্ষেত্ৰত ভাৰত আন কোনো দেশৰ পৰা সহায় লোৱা নাই বুলিও তেওঁ মন্তব্য কৰে। উল্লেখ্য ভাৰতীয় সেনাৰ হাতত বৰ্তমান ১ হাজাৰ ১৯৩ খন টি-৯০ বা ভীষ্ম টেংক আছে।

একেদৰে ৮ হাজাৰ ৫২৫ কোটি টকাৰে ভাৰতে ২০০১ চনতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল ৬৫৭ খন টি-৯০ টেংক।

ভাৰতে বৰ্তমান ৰাছিয়াৰ সহযোগত তামিলনাডুৰ অবডি নামৰ অঞ্চলত  ১০০০ খন টি-৯০ টেকং সাজি আছে।

সেনা বাহিনীত অৰ্জুন টেংকৰ অন্তৰ্ভূক্তিয়ে বাহিনীটোক অধিক শক্তিশালী কৰি তুলিব বুলি ভবা হৈছে।