NORTHEAST NOW (Assamese)
অসম

কেপিটেল বিল্ডিং আক্ৰমণ :মহাভিযোগৰ পৰা মুক্ত হ’ল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2021 12:24 pm
a trump

দ্বিতীয়বাৰৰ বাবে উত্থাপিত  মহাভিযোগৰ পৰা মুক্ত হ’ল প্ৰাক্তন মাৰ্কিন  ৰাষ্ট্ৰপতি ডোনাল্ডে ট্ৰাম্প।

চলিত বৰ্ষৰ ৬ জানুৱাৰীত ট্ৰাম্পে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেপিটেল বিল্ডিং আক্ৰমণ কৰিবলৈ সমৰ্থকক  উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ ভিত্তিতে তেওঁৰ বিৰুদ্ধে অনা হৈছিল মহাভিযোগ।

শনিবাৰে  মাৰ্কিন কংগ্ৰেছৰ ছিনেটত  প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ  অনা হৈছিল আৰু সেই মহাভিযোগৰ সপক্ষে ৪৩ গৰাকী ছিনেটৰে ভোটদান কৰাৰ বিপৰীতে বিৰুদ্ধে ভোটদান কৰে ৫৭ গৰাকী ছিনেটৰে।

ফলত এইবাৰৰ বাবে ৰক্ষা পৰিল ট্ৰাম্প। ছিনেটত থকা ৰিপাব্লিকান ছিনেটৰসকলৰ  সংখ্যাগৰিষ্ঠতাৰ বাবেই ট্ৰাম্প মহাভিযোগৰ পৰা মুক্ত হ’বলৈ সক্ষম হয় যদিও ভোটদানৰ সময়ত ৰিপাব্লিকান দলৰ ৭ গৰাকী ছিনেটৰে ডেম’ক্ৰেটিক দলৰ পক্ষলৈ ট্ৰাম্পৰ শাস্তি দাবী কৰে।

অৱশ্যে মহাভিযোগত দোষী সাৱস্ত্য কৰিবলৈ প্ৰয়োজন হোৱা দুই তৃতীয়াংশ ভোট নোহোৱাত ট্ৰাম্প ৰক্ষা পৰে।

কেপিটেল বিল্ডিং আক্ৰমণ কৰিবলৈ ট্ৰাম্পে উচটনি দিয়াৰ কথা প্ৰমাণ কৰিবলৈ বিসম্বাদী ৰিপাপ্লিকান ছিনেটৰ সাতগৰাকীয়ে সদনত কেতবোৰ ভিডিঅ’ও প্ৰদৰ্শন কৰে।

ইয়াৰ পূৰ্বে উত্থাপিত মহাভিযোগৰ প্ৰথম ভোটদানত হাউজ অৱ ৰিপ্ৰজেন্টেটিভত ট্ৰাম্পৰ বিপক্ষে ২৩২ টা আৰু সপক্ষে ১৯৭ টা ভোট পৰিছিল।

উল্লেখ্য যে মাৰ্কিন কেপিটেল বিল্ডিঙত ট্ৰাম্পৰ সমৰ্থকৰ দ্বাৰা হোৱা আক্ৰমণৰ ঘটনাত চাৰি গৰাকী লোকৰ প্ৰাণহানি হৈছিল।

সমগ্ৰ বিশ্ব সম্প্ৰদায়ে ট্ৰাম্পৰ ভূমিকাক সমালোচনা কৰা দেখা গৈছিল।

ইফালে হাউজ অৱ ৰিপ্ৰজেন্টেটিভত ট্ৰাম্পৰ বিৰুদ্ধে ভোট পৰিলেও ছিনেটত ট্ৰাম্প ৰক্ষা পৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰি আহিছিল। কাৰণ ছিনেটত ট্ৰাম্পৰ ৰিপাব্লিকান দলৰ সংখ্যাগৰিষ্ঠ ছিনেটৰ আছে।

স্মৰ্তব্য যে ২০১৯ বৰ্ষতো ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ মহাভিযোগ উত্থাপন কৰা হৈছিল। সেইবাৰো হাউজ অৱ ৰিপ্ৰজেন্টেটিভত ট্ৰাম্পৰ বিপক্ষে ভোট পৰিলেও চিনেটে ট্ৰাম্পক ৰক্ষা কৰিছিল।

আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত এটা কাৰ্যকালতে এজন ৰাষ্ট্ৰপতি হিচাপে দুবাৰকৈ মহাভিযোগৰ সন্মুখীন হোৱা একমাত্ৰ  প্ৰাক্তন ৰাষ্ট্ৰপতিজনেই হ’ল ড’নাল্ড ট্ৰাম্প।