NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰাখণ্ডৰ মহাপ্ৰলয় : ৪০ লৈ বৃদ্ধি মৃতকৰ সংখ্যা; আৰু অধিক মৃতদেহ উদ্ধাৰ আশংকা; উদ্ধাৰ অভিযান অব্যাহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2021 3:18 pm
index.jpgk

উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা মহাপ্ৰলয়ত মৃত লোকৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি পাইছে।

দেওবাৰে তপোবনৰ অদিত টাণেলত উদ্ধাৰকাৰী দলে আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰাৰ লগে লগে মহাপ্ৰলয়ত মৃতকৰ সংখ্যাই ৪০ৰ ঘৰ স্পৰ্শ কৰিছে।

উদ্ধাৰকাৰী আইটিবিপিৰ এক মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি টাণেলটোত ৩৯ জনকৈ লোক শিল বালি পানীৰ মাজত আৱদ্ধ হৈ আছিল। দেওবাৰে পুৱাৰ ভাগত ইয়াৰ মাজৰে তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে।

উদ্ধাৰকাৰী দলসমূহে টাণেলৰ সুৰংগত জেচিবিৰে উদ্ধাৰ অভিযান চলাই থকাৰ লগতে সুৰংগৰ ভিতৰত জমা হোৱা শিল বালিবোৰ খনন কৰিবলীয়া হৈছে। ইয়াৰ ফলতে উদ্ধাৰ অভিযানৰ গতি লেহেমীয়া হৈছে বুলি জানিব পৰা গৈছে।

৩২৫ জনৰো অধিক অভিযন্তা, বিষয়া, ভূবিদ, বৈজ্ঞানিকে একত্ৰিত হৈ সমগ্ৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ চৰকাৰী সূত্রই।

উল্লেখ্য যে হিমবাহৰ বিস্ফোৰণৰ পিছতে উত্তৰাখণ্ডৰ ধাউলি গংগা নদীৰ পানী হঠাতে ওফন্দি উঠি মুহূৰ্তৰ ভিতৰতে এক বৃহৎ অঞ্চল শিল বালি আৰু পানীৰ ঢলে ঢৌৱাই নিয়ে।

পানীৰ সোঁতত ঋষি গংগা শক্তি প্ৰকল্পত কৰ্মৰত প্ৰায় ২০০ জন কৰ্মীক উটুৱাই নিয়ে।

এতিয়ালৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাই। উত্তৰাখণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়া ৰিধিম আগৰৱালাই প্ৰকাশ কৰা মতে ৰাজ্য খনৰ চামলি জিলাৰ তপোবন অঞ্চল ৰেনী নামৰ অঞ্চলটোত বৰফৰ এটা বৃহৎ খণ্ড খহি পৰাৰ ফলতে নৈৰ জলপৃষ্ঠ হঠাতে বাঢ়ি যায়।

হিমবাহ গলি যোৱাৰ ফলতে দাউলি গংগা নদীৰ জলপৃষ্ঠ বাঢ়ি যায় আৰু নৈ খনৰ ভাঙি পৰে।

হঠাতে সৃষ্টি হোৱা বানে বহু ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ বাতৰি পোৱা গৈছে।

আজিৰ এই ঘটনাই ৮ বছৰ পূৰ্বে কেদাৰনাথত হোৱা মহাপ্ৰলয়ৰ কথা পুনৰ ৰাজ্যখনৰ বাসিন্দাসকলক মনত পেলাই দিছে।

ইতিমধ্যে আইটিবিপিৰ জোৱানে সমগ্ৰ অঞ্চলটোত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।