NORTHEAST NOW (Assamese)
অসম

অপৰাধমুক্ত পঞ্জাৱ: ‘গেংষ্টাৰ’ বিৰোধী টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মানৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 5, 2022 7:31 pm

শেহতীয়া বিধানসভা নিৰ্বাচনত চমকপ্ৰদ সাফল্যৰে শাসনৰ বাঘজৰী হাতত হোৱা পঞ্জাৰ আম আদমী পাৰ্টী নেতৃত্বাধীন চৰকাৰ খনে ৰাজ্য খনক এখন সন্ত্ৰাস মুক্ত ৰাজ্য হিচাবে গঢ় দিয়াৰ পণ লৈছে।

সেইমৰ্মে পঞ্জাৱত চলি থকা গেংষ্টাৰ সকলক নিপাত কৰিবলৈ মুখ্যমন্ত্ৰী ভগৱন্ত মানে নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ভগৱন্ত মানে ডিজিপি ভি কে ভাওৰাক এটা গেংষ্টাৰ বিৰোধী টাস্ক ফ’ৰ্চ (এজিটিএফ) গঠন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে যিকোনো মূল্যৰ বিনিময়তে সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ কৈছে।

গঠন হ’বলগীয়া এজিটিএফৰ নেতৃত্বত এজন অতিৰিক্ত আৰক্ষী সঞ্চালক পৰ্যায়ৰ বিষয়া থাকিব । এই গোটটোৱে গেংষ্টাৰৰ বিৰুদ্ধে ৰাজ্য জুৰি অভিযান চলাব।

আৰক্ষীৰ প্ৰতি মানুহৰ আস্থা বৃদ্ধি কৰাৰ বাবেও মুখ্যমন্ত্ৰী মানে পদক্ষেপ গ্ৰহণ কৰিছে।

কাৰাগাৰত বন্দী হৈ থকা অপৰাধীসকলৰ কাৰ্যকলাপৰ ওপৰতো কঠোৰ দৃষ্টি ৰাখিবলৈও তেওঁ সংশ্লিষ্ট বিষয়াসকলক কয়।

পঞ্জাৱৰ বিভিন্ন স্থানত ৱাই-ফাই চিচিটিভি কেমেৰা স্থাপন কৰি ২৪ ঘণ্টাই পৰিস্থিতি নজৰত ৰাখিবলৈ মানে আৰক্ষীক নিৰ্দেশ দিয়ে।