NORTHEAST NOW (Assamese)
অসম

অন্ত পৰিল বিটিচিৰ বাজেট অধিৱেশন,বাজেটত ধাৰ্য্য ৭২২.৮৪ লাখ টকা

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ April 5, 2022 8:08 pm
অন্ত পৰিল বিটিচিৰ বাজেট অধিৱেশন,বাজেটত ধাৰ্য্য ৭২২.৮৪ লাখ টকা

কোকৰাঝাৰত আজি অন্ত পৰা বিটিচিৰ বাজেট অধিৱেশন|

প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰে এই অধিৱেশনতে ২০২২-২৩ বৰ্ষৰ বাবে বাজেটত ৭২২.৮৪ লাখ টকা ধাৰ্য্য কৰে।

কোকৰাঝাৰ চহৰৰ বডোফা নোগৰিস্থিত বড়োলেণ্ড প্ৰদেশীয় পৰিষদীয় বিধানসভা ভৱনত অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বিটিচিৰ বাজেট অধিৱেশনত বিৰোধী দল আৰু শাসকীয় দলৰ মাজত তীব্ৰ বাক- বিতণ্ডাৰ মাজেৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে দাখিল কৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ৭২২.৮৪ লাখ টকাৰ সাধাৰণ বাজেট।

পিছত বাজেট খন গৃহীত কৰা হয় |

বাজেট গৃহীত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত বিটিচি প্ৰধান প্ৰমোদ বড়োই কয় যে এয়া বিটিআৰৰ জনসাধাৰণৰ বাবে জনকল্যাণমূলক বাজেট।

বাজেট খনে বিটিচিৰ সকলো শ্ৰেণীৰ লোকৰে উন্নয়ন সাধিব বুলি তেওঁ আশা প্ৰকাশ কৰে।