NORTHEAST NOW (Assamese)
অসম

GIMTৰ পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ অনলাইন পিচিএম প্ৰতিযোগিতা-২০২১ৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2021 8:02 pm
GIMT-Guwahati-750x375

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকন’লজি (জিআইএমটি)য়ে ইয়াৰ দ্বিতীয় সংস্কৰণ পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ(পিচিএম) প্ৰতিযোগিতা-২০২১ৰ ঘোষণা কৰিছে।

চলিত বছৰৰ দ্বাদশ শ্ৰেণীৰ (১০+২)পৰীক্ষাত (বিজ্ঞান শাখা) অৱতীৰ্ণ আৰু  যোৱা বৰ্ষত দ্বাদশ শ্ৰেণীৰ  (১০+২)পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে এই প্ৰতিযোগিতা ২০জুলাই, ২০২১ত অনুষ্ঠিত হ’ব।

সকলো প্ৰশ্ন CEE/JEE ষ্টেণ্ডাৰ্ডৰপদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ পৰা MCQ ধৰণৰ হ’ব। প্ৰতিযোগিতাখন গুগল ক্লাছৰুমৰ জৰিয়তে অনলাইন যোগে অনুষ্ঠিত হ’ব।

অংশগ্রহণকাৰীসকলে প্ৰতিযোগিতাৰ পূৰ্বে অনলাইন পঞ্জীয়ণ পত্ৰ পূৰণ কৰিব লাগিব। তেওঁলোকে পঞ্জীয়ণৰ সময়ত নিজৰ স্কুল/কলেজৰ আই ডি কাৰ্ড তেওঁলোকৰ পৰিচয়ৰ প্ৰমান হিচাপে আপলোড কৰিব লাগিব।

আবেদন পত্ৰ পূৰণ কৰাৰ অন্তিম তাৰিখ হৈছে ১৮জুলাই,২০২১। পঞ্জীয়ণৰ লিংক: https://forms.gle/7FocrXntpbN7rW178

প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তসকল বাবে ক্ৰমে ৫০০০টকা, ৩০০০টকা আৰু ২০০০টকাৰ তিনিটা পুৰস্কাৰ থাকিব।

প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে একোখন ই-চাৰ্টিফিকেট লাভ কৰিব যিখন তেওঁলোকৰ পঞ্জীয়ণৰ সময়ত দাখিল কৰা ৰেজিষ্টাৰ্ড ইমেইল আই ডিত প্ৰেৰণ কৰা হ’ব।

WhatsApp Image 2021-07-12 at 3.39.12 PM

ফলাফলসমূহ জিআইএমটিৰ ৱেবছাইট (www.gimt-guwahati.ac.in)ত প্ৰতিযোগিতাৰ ৫দিনৰ ভিতৰত আপলোড কৰা হ’ব।

পৰৱৰ্তী কোনো অনসন্ধান/সৱিশেষৰ বাবে অংশগ্ৰহণকাৰীসকলে কলেজৰ ৱেবছাইট চাব পাৰে বা 9706489981/9954089594 নম্বৰত বা [email protected] ইমেইলত যোগাযোগ কৰিব পাৰে।

আয়োজক সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।

শীৰ্ষ ২০গৰাকী অংশগ্ৰহণকাৰীয়ে তেওঁলোকে জিআইএমটি, গুৱাহাটীত নামভৰ্তিৰ ইচ্ছা কৰিলে ইঞ্জিনিয়াৰিঙৰ আকাংক্ষিত শাখাত পছন্দ কৰি লোৱাৰ সুযোগ লাভ কৰিব।