NORTHEAST NOW (Assamese)
অসম

পৃথিৱীৰ প্ৰাচীনতম মদৰ ভাটি উদ্ধাৰ! মিচৰৰ মাটিৰ তলত বিয়েৰ কাৰখানাৰ সন্ধান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 15, 2021 8:31 am
oldest beer brewary

প্ৰত্নতাত্ত্বিকৰ বিস্ময়ৰ খনি প্ৰাচীন মিচৰৰ কেইবা হাজাৰ বছৰৰো পূৰ্বৰ স্মৃতিচিহ্ন বৰ্তমানৰ ইজিপ্তৰ ভূমিত বিদ্যমান।

ইয়াতেই এইবাৰ সন্ধান পোৱা গৈছে বিশাল পৰিমানৰ মদৰ খনিৰ বা বিয়েৰ কাৰখানাৰ। এই আৱিষ্কাৰে প্ৰত্নতাত্ত্বিকসকলক শিহৰিত কৰি তুলিছে।

আজিৰ পৰা ইমান বছৰ পূৰ্বে ইমান পৰিমানে মদ এনেদৰে প্ৰস্তুত কৰি জমা কৰি ৰখাৰ ঘটনা প্ৰত্যক্ষ কৰি তেওঁলোক অভিভূত হৈ পৰিছে।

প্ৰত্নতাত্ত্বিকসকলে দাবী কৰিছে যে এইটোৱে পৃথিৱীৰ আটাইতকৈ প্ৰাচীনতম মদ প্ৰস্তুত কৰা কাৰখানা।

অৱশ্যে, ইয়াৰ পূৰ্বেও তেওঁলোকে ২০১৫চনত প্ৰাচীন মিচৰত প্ৰস্তুত হোৱা বিয়েৰৰ প্ৰমান লাভ কৰিছিল। বিভিন্ন মাটিৰ ধ্বংসাৱশেষৰ পৰা সেয়া স্পষ্ট হৈছিল। কিন্তু ইমান বিশাল পৰিমানৰ মদৰ ভাটি অভূতপূৰ্ব তথা বিস্ময়কৰ।

মুঠতে আঠটা উধানত সেই মদ ৰখা হৈছিল। একোটা উধানত ৪০টাকৈ পাত্ৰ আছিল।

আমেৰিকা আৰু ইজিপ্তৰ যৌথ উদ্যোগত দেশখনৰ এবিডোছত খনন কাৰ্যটো চলোৱা হৈছিল।

খনন কাৰ্যৰ মুৰব্বী নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধ্যাপক মেথিউ আদামছে কয়,’’ সম্ভৱত: মিচৰৰ ৰাজপৰিয়ালৰ অন্তিম সংস্কাৰত ব্যৱহাৰ কৰাৰ বাবে ইয়াত মদ প্ৰস্তুত কৰা হৈছিল।‘’

অনুমান কৰা মতে এই আঠটা বৃহৎ উধান বিয়েৰ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। প্ৰত্নতাত্ত্বিকসকলে অনুমান কৰা মতে এতিয়াৰে পৰা পাঁচ হাজাৰ বছৰ পূৰ্বে মিচৰৰ সম্ৰাট নাৰ্মাৰৰ শাসনকালত এই বিয়েৰ সংৰক্ষণ কৰা হৈছিল।

চৰকাৰী বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এয়াই প্ৰথম কাৰাখানাটোৰ সন্ধান পোৱা গৈছে যদিও বিংশ শতিকাত ব্ৰিটিছ প্ৰত্নতাত্ত্বিকসকলে এইটো আৱিষ্কাৰ কৰা বুলি দাবী কৰিছিল। কিন্তু পাছত সেই স্থানৰ সন্ধান পোৱা হোৱা নাছিল।

এতিয়া সেই নিভৃত বিস্ময়ৰ সন্ধান পোৱা গ’ল। সেয়াই নহয়, মদৰ ভাটিৰ পাত্ৰসমূহ খুলি পৰীক্ষা কৰিও চোৱা হৈছে।