NORTHEAST NOW (Assamese)
অসম

কুইপ’ৰ অপহৃত দুই বিষয়াক মুক্তি দিবলৈ আলফা(স্বা)লৈ আহ্বান অসম নাগৰিক সমাজৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 15, 2021 6:14 pm
Imran-1

সংযুক্ত মুক্তি বাহিনী(স্বাধীন), অসমক কুইপ’ৰ দুই অপহৃত বিষয়াক মুকলি কৰি দিবলৈ আহ্বান জনাইছে অসম নাগৰিক সমাজে।

সভাপকি হৰেকৃষ্ণ ডেকা, উপ সভাপতি প্ৰশান্ত ৰাজগুৰু আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰ স্বাক্ষৰিত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত নাগৰিক সমাজে কয় যে সংযুক্ত মুক্তি বাহিনী(স্বাধীন),অসমে কুইপ’ অইল এণ্ড গেছ লিমিটেডৰ দুজন বিষয়াক যোৱা ২১ডিচেম্বৰৰ দিনা অপহৰণ কৰি কম্পেনীটোৰ পৰা এক বৃহৎ পৰিমাণৰ ধন দাবী কৰা বুলি বাতৰিত প্ৰকাশ পাইছিল৷

এই বিষয়া দুজনৰ এজন অসমৰ আৰু আনজন বিহাৰৰ বাসিন্দা৷ অপহৃত বিষয়া দুজনৰ মুক্তিৰ সন্দৰ্ভত ইতিমধ্যে অইল কম্পেনীটোৰ লগত সংযুক্ত মুক্তি বাহিনীৰ কি আলাপ-আলোচনা হৈছে আমি গম নাপাওঁ৷

বিবৃতিটোত আৰু কয় যে শেহতীয়াকৈ বাতৰিত প্ৰকাশ পাইছে যে সংযুক্ত মুক্তি বাহিনীয়ে দাবী কৰা ধন তেওঁলোকক আদায় নিদিলে ১৭ ফেব্ৰুৱাৰীৰ দিনা বিহাৰৰ বাসিন্দাজনক হত্যা কৰা হ’ব৷পৰিস্থিতিটোৰ গুৰুত্ব উপলব্ধি কৰি পণবন্দী হৈ থকা ব্যক্তি দুগৰাকীক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰে কি পদক্ষেপ লৈছে সেই বিষয়ে আমি অৱগত নহয়৷

কিন্তু, নিৰপৰাধী ব্যক্তি দুজনক এনেদৰে পণবন্দী কৰি তেওঁলোকক হত্যাৰ ভাবুকি দিয়াটো দেশপ্ৰেম আৰু জাতি প্ৰেমৰ লগত জড়িত কথা নহয় বুলি উল্লেখ কৰি নাগৰিক সমাজে পুনৰ কয় যে ই হ’ল দেখদেখকৈ এক অমানৱীয় আৰু সন্ত্ৰাসবাদী কাৰ্য৷

অসম নাগৰিক সমাজে কোনো ক্ষয়-ক্ষতি নকৰাকৈ অপহৃত ব্যক্তি দুজনক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ আলফাৰ প্ৰতি আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত চৰকাৰী উদাসীনতাত আশ্চৰ্য প্ৰকাশ কৰিছে৷