NORTHEAST NOW (Assamese)
অসম

অশান্ত মণিপুৰ! মহিলাৰ নেতত্বত ১৫০০ সশস্ত্ৰ বিক্ষোভকাৰীয়ে ঘেৰি ধৰিলে সেনাক; মোকলাই নিলে ১২ জন বিদ্ৰোহীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী June 25, 2023 11:57 am

৫০ দিনতকৈও অধিক সময় ধৰি বিক্ষোভত জ্বলি আছে মণিপুৰ। জনজাতিৰ সংৰক্ষণক লৈ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাতৰ চলি আছে। পৰিস্থিতি চম্ভালিবলৈ সেনা, অসম ৰাইফলছ বাহিনী মোতায়েন কৰা হৈছে। তাৰমাজতে, শনিবাৰে মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে সৰ্বদলীয় বৈঠকত বহিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যখনৰ অশান্তিৰ সন্দৰ্ভত কেন্দ্ৰই বৈঠকত মিলিত হোৱাৰ সমান্তৰালকৈ মণিপুৰত চৰম অৰাজকতাৰ ছবি ধৰা পৰিছে। এইবাৰ সশস্ত্ৰ বিক্ষোভকাৰীয়ে সেনাক ঘেৰাও কৰি ১২ জন আটকাধীন বিদ্ৰোহীক মোকলাই লৈ গৈছে। সেনাৰ সূত্ৰ অনুসৰি বিক্ষোভকাৰী দলটোৰ নেতৃত্বত আছিল একাংশ মহিলা।

সেনাৰ তথ্য অনুসৰি, শনিবাৰে মণিপুৰৰ কংলেই য়াওল কান্না লুপ বিদ্ৰোহী গোটৰ ১২ জনক আটক কৰা হয়। কিন্তু হঠাৎ প্ৰায় ১৫০০ জনীয়া এটা দলে সেনাবাহিনীক ঘেৰি ধৰে। মহিলা আৰু স্থানীয় নেতাৰ নেতৃত্বত এটা বৃহৎ বিক্ষোভকাৰী দলে অস্ত্ৰশস্ত্ৰ লৈ আহি ১২ জন বন্দীক মুক্তিৰ দাবী জনায়। প্ৰতিকূল পৰিস্থিতিত সেনাই পিছুৱাই যাব লগা হয়। যাবলৈ দিবলৈ বাধ্য হয় ১২ জন বন্দীক।

সেনাৰ স্পিয়াৰ কৰ্পছৰ এক টুইট অনুসৰি, গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি শনিবাৰে পুৱা পূব ইম্ফলৰ ইথাম গাঁৱত সেনাই অভিযান আৰম্ভ কৰে। সাধাৰণ জনতাৰ যাতে সমস্যা নহয়, তাৰবাবে কিছুমান বিশেষ স্থানত তালাচী অভিযান চলোৱা হয়। এই অভিযানত মুঠ ১২ জন কে ৱাই কে এল দুষ্কৃতিকাৰীক অস্ত্ৰসহ আটক কৰা হয়। তেওঁলোকক লৈ সেনাই উভতি আহিছিল, তেতিয়াই মহিলাৰ নেতৃত্বত ১২০০ৰ পৰা ১৫০০ জনীয়া সশস্ত্ৰ বিক্ষোভকাৰী দলে ঘেৰাও কৰে। সেনা বাহিনীৰ অভিযানত বাধা দিয়া হয়। বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো বিক্ষোভকাৰীসকলে বাট এৰি নিদিলে। প্ৰাণহানিৰ আশংকাত সেনাই সংঘৰ্ষৰ পৰা বিৰত থাকে আৰু ১২ জন বন্দীক মুকলি কৰি দিবলৈ বাধ্য হয়।

সেনাই জনোৱা মতে, যিহেতু বৃহৎ জনসমাগম আছিল আৰু তেওঁলোকে বহু অস্ত্ৰ-শস্ত্ৰ লৈ আহিছিল, সেয়েহে নিৰাপত্তাৰ কথা মনত ৰাখি ১২ জন অভিযুক্তক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে অঞ্চলটো এৰি যোৱাৰ পূৰ্বে সেনাই বিক্ষোভকাৰীৰ পৰা সকলো অস্ত্ৰ জব্দ কৰে। মণিপুৰত শান্তি আৰু আইন-শৃংখলা বজাই ৰখাৰ বাবে পুনৰবাৰ সাধাৰণ ৰাইজক অনুৰোধ কৰা হৈছে।