NORTHEAST NOW (Assamese)
Popular Stories

“ষড়যন্ত্ৰ অথবা হিংসাৰ উদগণি নহয়, সজাগতাৰহে প্ৰচেষ্টা লোৱা হৈছিল” : গ্ৰেটাৰ টুকইট গোচৰত গ্ৰেপ্তাৰ হোৱা অধিবক্তা নিকিতা জেকব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2021 7:55 am

চুইডিছ পৰিৱেশ সুৰক্ষাকৰ্মী গ্ৰেটা থানবাৰ্গে ভাৰতৰ কৃষক আন্দোলনৰ সমৰ্থনত দিয়া টুইটসংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ হোৱা অধিবক্তা নিকিতা জেকবে (৩০) দিল্লী পুলিচৰ অভিযোগসমূহ নস্যাৎ কৰিছে।

জেকবে জনায় যে গ্ৰেটা থানবাৰ্গৰ স’তে ভাৰত চৰকাৰৰ বিৰুদ্ধে কোনো ষড়যন্ত্ৰ অথবা হিংসাৰ উদগণি জগোৱা নাই।

দিল্লী আৰক্ষীক দিয়া ভাস্য অনুসৰি কৃষক আন্দোলনৰ সম্পৰ্কত সামাজিক মাধ্যমত সজাগতাৰ সৃষ্টিত অৰিহণা জোগোৱাটো সঁচা কিন্তু ইয়াৰ দ্বাৰা তেওঁ কোনোধৰণৰ বেআইনী কাম কৰা নাই।

উল্লেখযোগ্য যে, বম্বে’ উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা নিকিতা জেকবে ‘এক্টিংচন ৰিবেলিয়ন’ নামৰ পৰিৱেশসুৰক্ষাবাদী সংস্থাটোৰ হৈ সেৱা কৰি আহিছে।