NORTHEAST NOW (Assamese)
Popular Stories

চলিত মাহতে পঞ্চমটো সোণৰ পদক আঁজুৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2019 8:07 am

ইটোৰ পিছত সিটো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অসম কন্যা হিমা দাসে। নিজৰ দুৰ্দান্ত গতি অক্ষুণ্ণ ৰাখি একেলেঠাৰিয়ে পঞ্চমটো সোণৰ পদক অৰ্জন কৰিলে অসম কন্যা হিমা দাসে।

শনিবাৰে চেক গণৰাজ্যত অনুষ্ঠিত ৪০০ মিটাৰ দৌৰত দৌৰৰাণী হিমাই শ্ৰেষ্ঠত্ব অৰ্জন কৰে। ৫২.০২ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি মাহৰ পঞ্চমটো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১৫ দিনৰ ভিতৰত হিমাই ৪ টাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

২ জুলাইত পোলেণ্ডত অনুষ্ঠিত ‘পোজনান এথলেটিকছ গ্ৰাণ্ড পিক্সত’ মহিলাৰ ২০০ মিটাৰ শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক দখল কৰিছিল হিমা দাসে। উক্ত প্ৰতিযোগিতাত তেওঁ ২৩.৬৫ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰে।

ইয়াৰ পিছত ৭ জুলাইত পুনৰ পোলেণ্ডৰ কুটন’ এথলেটিকছ মিট আৰু ১৩ জুলাইত ক্লাডন’ এথলেটিকছ মিটত ক্ৰমে ২৩.৯৭ চেকেণ্ড আৰু ২৩.৪৩ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰি প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

১৭ জুলাইত চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যাগৰাকীয়ে অর্জন কৰিছিল স্বৰ্ণপদক।