NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ দৰংগিৰিত ‘লাডেন’ৰ আক্ৰমণত নিহত শাহু-বোৱাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2019 9:31 am

গোৱালপাৰাত পুনৰ ‘লাডেন’ৰ হাতত প্ৰাণ দুগৰাকী মহিলাৰ। গোৱালপাৰা জিলাৰ দৰংগিৰিৰ শান্তিপাৰাত নিশা ‘লাডেন’ নামৰ হাতীটোৰ আক্ৰমণত নিহত হয় শাহু-বোৱাৰী। লগতে এটি কিশোৰ গুৰুতৰভাৱে আহত হয়।

‘লাডেন’ৰ আক্ৰমণত নিহত দুই মহিলাক আহাৰী ৰাভা (৭০) আৰু নন্দিতা ৰাভা (৩৫) বুলি চিনাক্ত কৰা হৈছে। ইফালে আহত কিশোৰটোক ধীৰাজ ৰাভা বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি মতে দুই মহিলা তথা শাহু আৰু বোৱাৰীয়েকে নিজৰ ঘৰৰ বাহিৰত কাম কৰি থকা অৱস্থাতে লাডেন নামৰ হাতীটোৱে আক্ৰমণ কৰে। ফলত থিতাতে নিহত হয় শাহু-বোৱাৰী। ইফালে আহত কিশোৰটিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ঘটনা সন্দৰ্ভত অনুসন্ধান কৰে। কিন্তু স্থানীয় ৰাইজে বন বিভাগৰ লোকৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে।

দীৰ্ঘদিন ধৰি অঞ্চলটোত ‘লাডেন’ নামৰ হাতীটোৱে সন্ত্ৰাস সৃষ্টি কৰি আহিছে যদিও আজিলৈকে বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই।