NORTHEAST NOW (Assamese)
অসম

কবি পন্ট! কিপিং, বেটিঙেৰে দৃষ্টি আকৰ্ষণ কৰাৰ পাছত এইবাৰ ভাইৰেল ঋষভ পন্টৰ কাব্য চৰ্চা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2021 8:56 am
WhatsApp Image 2021-02-16 at 8.25.47 AM

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত কিপিং কৰি থকাৰ মাজতে গোৱা স্পাইডাৰমেনৰ গান ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত এইবাৰ নতুন এটি গান বা কবিতাই আকৌ এবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত কিপিং কৰি থকা সময়ত পন্টে এটা নতুন গান গোৱা শুনা গৈছে। গানটোক স্বৰচিত কবিতা হিচাপেও বহুতে আখ্যা দিছে।

টেষ্টত অভিষেক ঘটা টীম ইণ্ডিয়াৰ খেলুৱৈ অক্ষৰ পেটেলক উজ্জীৱিত কৰি তোলাৰ বাবেই উইকেট কিপিঙৰ সময়ত পন্টে আবৃত্তি কৰে তেওঁৰ এই ৰসাল কবিতা।

টেষ্টখনৰ প্ৰথম ইনিংছত জেক লিচে বেট কৰি থকাৰ সময়ত বলিং কৰিছিল অক্ষৰ পেটেলে। ৫৩তম অভাৰৰ চতুৰ্থটো বল কৰাৰ পাছত অক্ষৰক আৰু আগত বল পেলাবলৈ কয়। আৰু অলপ ফুল লেংথ বল কৰাৰ পৰামৰ্শ দি পন্টে কয়,’’থোড়া চা আগে, থোড়া চা আগে/মিলখা সিং ভাগে/ প্যাৰা অক্ষৰ থোড়া জাগে।‘’

ইয়াৰ পূৰ্বে অ’লি প’পে বেটিং কৰাৰ সময়তে ঋষভে কয়,’’অ’লি প’প কো ললীপপ দো/বলঘুমেগা তো য়ে জুমেগা।‘’

আনহাতে, ব্ৰীছবেনত টীম পেইনে বেট কৰাৰ সময়ত ঋষভে এটি গান গোৱা শুনা গৈছিল। উইকেটৰ পাছৰ পৰা পন্টে গাইছিল,’’এইচে ৱেব ফেকো ৱেব/স্পাইডাৰমেন স্পাইডাৰমেন/তুনে চুৰায়া মেৰে দিল কা চান।‘’