NORTHEAST NOW (Assamese)
অসম

এইবাৰ কানাডাৰ আকাশত ‘ৰহস্যময় লক্ষ্যবস্তু’ গুলীয়াই ভূপতিত কৰিলে আমেৰিকাৰ যুঁজাৰু বিমানে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 12, 2023 7:28 am
এইবাৰ কানাডাৰ আকাশত ‘ৰহস্যময় লক্ষ্যবস্তু’ গুলীয়াই ভূপতিত কৰিলে আমেৰিকাৰ যুঁজাৰু বিমানে

চীনা গুপ্তচৰ বেলুন চিনাক্ত আৰু ধ্বংসক লৈ চলি থকা উত্তেজনাৰ মাজতে এইবাৰ কানাডাৰ আকাশত এটা “ৰহস্যময় লক্ষ্যবস্তু” (Unidentified object) আৱিৰ্ভাৱ হোৱা দেখা গৈছে। পিছত যুঁজাৰু বিমান প্ৰেৰণ কৰি ইয়াক ধ্বংস কৰা হয়। অৱশ্যে কানাডাৰ  প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৰহস্যজনক লক্ষ্যবস্তুটো দৰাচলতে কি সেয়া নিশ্চিত কৰি জনাব পৰা নাই।

ইয়াৰ আগতে শুকুৰবাৰে আমেৰিকাৰ উত্তৰ-পশ্চিম অঞ্চল আলাস্কাৰ আকাশত একে ধৰণৰ এটা লক্ষ্যবস্তু আমেৰিকাৰ যুঁজাৰু বিমানে গুলীয়াই ভূপতিত কৰিছিল।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কৈছে যে তেওঁৰ নিৰ্দেশত কানাডাৰ আকাশসীমাত এটা “অচিনাক্ত লক্ষ্যবস্তু” ভূপতিত  কৰা হৈছে।

ট্ৰুডোৱে কয়, “মই কানাডাৰ আকাশসীমা উলংঘা কৰা এটা অচিনাক্ত লক্ষ্যবস্তু গুলীয়াই ভূপতিত কৰাৰ নিৰ্দেশ দিছো। কানাডিয়ান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান আকাশত উৰে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন এফ-২২ বিমানে সফলতাৰে অচিনাক্ত লক্ষ্যবস্তুটো গুলীয়াই ভূপতিত কৰে।”

ট্ৰুডোৱে লগতে জনায় যে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে এই বিষয়ে কথা পাতিছে। কানাডিয়ান বাহিনীয়ে ভূপতিত কৰা অবজেক্টটো পুনৰুদ্ধাৰ অভিযানৰ নেতৃত্ব দিব।