NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত বিশাল সমাৱেশত চিপিআইএমৰ দাবী- ‘মোডী চৰকাৰে কাঢ়ি লৈছে শ্ৰমিক শ্ৰেণীৰ অধিকাৰ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 12, 2023 8:30 am

চৰকাৰ আৰু নিয়োগকৰ্তাৰ পৰা ‘মাননি’  নহয়, ‘মজুৰি’ৰ দাবী তুলি শনিবাৰে সহস্ৰাধিক আশা আৰু অংগনৱাড়ীৰ দৰে কৰ্মী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকসকলে গুৱাহাটীত সমবেত হয়।তেওঁলোকে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে তেওঁৰ চৰকাৰে শ্ৰমিক শ্ৰেণীৰ অধিকাৰ কাঢ়ি লৈছে।

গুৱাহাটীৰ সোণাৰাম স্কুল খেলপথাৰত ভাৰতীয় নিৰ্মাণ কৰ্মী ফেডাৰেচন (CWFI)ৰ দশম সন্মিলনৰ প্ৰথম দিনা এখন মুকলি সভাত তেওঁলোকে অংশগ্ৰহণ কৰিছিল।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰবীণ চিপিআই (এম) নেতা হেমেন দাসে অভিযোগ কৰে যে ২০১৪ চনৰ পৰা মোডী চৰকাৰে দেশৰ আন যিকোনো চৰকাৰতকৈ অধিক শ্ৰমিক বিৰোধী পদক্ষেপ গ্ৰহণ কৰিছে।

“সেয়েহে আশা আৰু অংগনৱাড়ী কৰ্মীৰ পৰা আৰম্ভ কৰি মধ্যাহ্ন ভোজনৰ ৰান্ধনীলৈকে সকলোৱে এতিয়া তেওঁলোকৰ প্ৰাপ্য দাবী কৰি ওলাই আহিছে। তেওঁলোকে বিচাৰে যে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা হওক যাতে তেওঁলোকে ইয়াৰ সুবিধাখিনি লাভ কৰিব পাৰে।

প্ৰাক্তন বিধায়ক তথা প্ৰবীণ কমিউনিষ্ট নেতাগৰাকীয়ে দৃঢ়তাৰে কয়, “তেওঁলোকে মাননি নহয়, তেওঁলোকৰ মজুৰিহে বিচাৰিছে।”

আনহাতে, চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে ৰাজ্যৰ সকলো প্ৰান্তৰ লোক অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে।

তালুকদাৰে লগতে কয়, “মোডী চৰকাৰে জনসাধাৰণৰ অধিকাৰ কাঢ়ি লৈছে।  সাধাৰণ লোকসকলে এতিয়া য’তেই পাৰে সমবেত হৈ চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিসমূহৰ প্ৰতিবাদ কৰি আছে।‘’

ট্ৰেড ইউনিয়ন আৰু ৰাজ্যৰ বিভিন্ন বাওঁপন্থী দলৰ নেতাসকলে সন্মিলনখনত অংশগ্ৰহণ কৰে।