NORTHEAST NOW (Assamese)
অসম

কৃষক বিদ্ৰোহৰ পাৰ্শ্বক্ৰিয়া!পঞ্জাৱৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়জয়কাৰ, ধূলিস্যাৎ বিজেপি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 3:32 pm
urban-body-polls-.1.966465

দুমাহৰো অধিক কাল ধৰি দিল্লীত চলি থকা কৃষক বিদ্ৰোহৰ পাৰ্শ্বক্ৰিয়া যেন দেখিবলৈ পোৱা গ’ল পঞ্জাৱত।

পঞ্জাৱত শেহতীয়াকৈ অনুষ্ঠিত হোৱা পৌৰ নিৰ্বাচনৰ আজি ভোট গণনাত কংগ্ৰেছে আশাতীত ফলাফল লাভ কৰাৰ বিপৰীতে বিজেপি, আম আদমী পাৰ্টীকে ধৰি আকালী দল আদিয়ে বাৰুকৈয়ে মুখ থেকেছা খোৱা পৰিলক্ষিত হৈছে।

দেওবাৰে পঞ্জাৱৰ ১১৭ খন পৌৰ সভা আৰু পৌৰ নিগমৰ বাবে ভোটগ্ৰহণ হৈছিল।

ইয়াৰে ৮ টা আছিল পৌৰ নিগম আৰু বাকী ১০৯ টা পৌৰসভা।এই নিৰ্বাচনত ২,৩০২ খন আসনত অংশগ্ৰহণ কৰিছিল ৯,২২২ গৰাকী প্ৰাৰ্থীয়ে।

আজি ঘোষিত ফলাফল অনুসৰি ৮ খন পৌৰ নিগমৰ ভিতৰত এতিয়ালৈকে ৬ খনেই দখল কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছে।

কংগ্ৰেছৰ দখললৈ যোৱা পৌৰ নিগম কেইখন হ’ল ক্ৰমে মোগা,হোছিয়াৰপুৰ,কাপুৰথালা,পাঠানকোট,আবহাৰ আৰু ভাতিণ্ডা।

লক্ষ্যণীয় কথাটো হ’ল সুদীৰ্ঘ ৫৩ বছৰৰ পিছত কংগ্ৰেছে ভাতিণ্ডা পৌৰ নিগম নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে। আকালি দলৰ দুৰ্গ হিচাবে পৰিচিত ভাতিণ্ডা কংগ্ৰেছৰ দখললৈ যোৱাত শলঠেকত পৰিছে আকালি দল।

এই সমষ্টিৰ পৰাই আকালি দলৰ বহু কেইগৰাকী বাঘা বাঘা নেতা বিধানসভালৈ নিৰ্বাচিত হোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীও হৈছিল।ইপিনে পৌৰসভাৰ ভোটগণনাতো আগুৱাই আছে কংগ্ৰেছে।

কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিয়ে প্ৰায় সকলো আসনতে হতাশ জনক ফলাফল দেখুৱাইছে।

অহা বছৰ পঞ্জাৱ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সেই নিভাচনত ৰাজ্য খনৰ পৌৰ নিৰ্বাচনৰ ফলাফলে বিস্তৰ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিজ্ঞ মহলে।