NORTHEAST NOW (Assamese)
অসম

৯ গৰাকী সাংবাদিকলৈ জি এন আৰ চি মিডিয়া ফেল’শ্বিপ

Posted by: এন ই নাও নিউজ March 19, 2018 9:19 pm
GNRC-Hospitals

গুৱাহাটী মহানগৰীত থকা জি এন আৰ চি চিকিৎসালয়ে আগবঢ়োৱা মিডিয়া ফেল’শ্বিপ ২০১৮ লাভ কৰা ৯ গৰাকী সাংবাদিকৰ নাম ঘোষনা কৰা হৈছে।

এই ফেল’সকলে অহা মাহৰ প্ৰথম সপ্তাহৰ পৰা স্বাস্থ্য সেৱা, শেহতীয়া আৱিস্কাৰ আৰু সাধাৰণ মানুহৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সজাগতাৰ বিষয়ত অধ্যয়নৰ সুবিধা পাব।

এমহীয়া এই ফেল’স্বিপৰ বাবে প্ৰতিগৰাকী সাংবাদিকে জি এন আৰ চি কৰ্তৃপক্ষৰ পৰা ১০ হেজাৰ টকাকৈ মাননি লাভ কৰিব বুলি গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা প্ৰকাশিত এক প্ৰেছ বিবৃতি যোগে জানিব পৰা গৈছে।

গুৱাহাটী প্ৰেছক্লাবৰ সহযোগত নিয়মীয়াকৈ আগবঢ়াই অহা এই ফেলশ্বিপ লাভ কৰা সাংবাদিক সকলক জি এন আৰ চি চিকিৎসালয়ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডা০ নোমল চন্দ্ৰ বৰাই আগতিয়াকৈ শুভেচ্ছা জনাইছে।

এই বছৰৰ ফেল’স্বিপ লাভ কৰা সাংবাদিক সকল হৈছে : হেমন্ত বৰা (অসমীয়া প্ৰতিদিন), মুকুট ৰয় (দৈনিক অগ্ৰদূত), দীপু কুমাৰ বৈৰাগী (আমাৰ অসম), ধীৰুমনি গগৈ (দৈনিক জনমভূমি), প্ৰণৱজ্যোতি দত্ত (দৈনিক জনমভুমি), নিতালী শৰ্মা (অসমীয়া খবৰ), জোনমনি গগৈ (অসমীয়া খবৰ), সন্দিৱ কুমাৰ শৰ্মা (প্ৰাতঃ খবৰ) আৰু কৌস্তভ মনি কাকতি (প্ৰতিদিন টাইম)।